নগাঁও, 7 জুন: উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ প্ৰখৰ ৰ’দত কোনো কেনিও ওলাব নোৱাৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে ৷ অৱশ্য়ে তাৰ মাজতেই চলি আছে সদাব্যস্ত মানৱ জীৱন ৷ এইহেন গৰমত উত্তাপ বৃদ্ধি কৰিছে বৰ্ধিত বিদ্যুৎ মাচুলে ৷ চৰকাৰে 30 পইচা আৰু 70 পাইচাকৈ বিদ্যুৎ মাচুল বৃ্দ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত মূৰে-কপালে হাত দিব লগীয়া হৈছে সাধাৰণ ৰাইজে ৷ চৰকাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে ঠিকেই ৷ কিন্তু, দিনটোত কেইবাবাৰো হয় লোড শ্বেডিং ৷ কোনো কোনো স্থানত আকৌ বিদ্যুৎ থাকিলেও নাথাকে ভল্টেজ ৷ ফলত দুৰ্ভোগ ভুগিব লগীয়া হৈ আহিছে জনতাই (Electricity tariff hike in Assam) ৷
যোৱা দেওবাৰে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা উদ্ভট মন্তব্যই ৰাইজৰ ক্ষোভ দুগুণে চৰাইছে ৷ নিয়মীয়া বিদ্যুৎ যোগান, বিদ্যুৎ মাচুল হ্ৰাস, স্মাৰ্ট মিটাৰ স্থাপনেৰে অধিক মাচুল সংগ্ৰহৰ বিৰোধিতা আদি কেইবাটাও বিষয়ত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে একাংশ লোক ৷ বিদ্যুৎ বিভাগক লৈ ৰাজ্যৰ জনতা নাৰাজ হৈ থাকিলেও কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই (Assam power cut issue) ৷
লগতে পঢ়ক: AAP protest:নলবাৰীত দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে আম আদমী পাৰ্টীৰ উত্তাল প্ৰতিবাদ
বুধবাৰে শক্তিমন্ত্ৰীৰ নগাঁও ভ্ৰমণৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল আম আদমী পাৰ্টীৰ নগাঁও জিলাৰ নেতা-কৰ্মীসকল ৷ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে । নগাঁও আৱৰ্ত ভৱনত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্থিত থকাৰ সময়তে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আপৰ সদস্যসকলৰ (Protest against electricity tariff hike) ।
শেহতীয়াকৈ ৰাজ্যৰ সাধাৰণ গ্ৰাহকৰ পৰা বিভাগটোৱে অধিক হাৰত বিদ্যুৎ মাচুল আদায় লোৱাৰ অভিযোগ উত্থাপন কৰি বিদ্যুৎ বিল হ্ৰাস কৰাৰ দাবী জনায় ৰাজনৈতিক দলটোৱে । লগতে উৎকট গৰমৰ সময়ত বিদ্যুৎ কৰ্তন বন্ধ কৰিবলৈয়ো দাবী উত্থাপন কৰে আম আদমী পাৰ্টীয়ে । ইফালে বিদ্যুৎ মাচুল বৃদ্ধি আৰু বিদ্যুতৰ লুকভাকু সন্দৰ্ভত শক্তি মন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিচৰাত এই সন্দৰ্ভত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই (AAP protest against power minister)।