ETV Bharat / state

চিকিৎসক ৰিজোৱানা বেনজিনৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী আপৰ - বেনজিনৰ মৃত্যুৰ তদন্তৰ দাবী আম আদমী পাৰ্টীৰ

নগাঁৱত আম আদমী পাৰ্টীৰ সংবাদ মেল(AAP Press meet at Nagaon) । ৰেলৱে ভূমি বেদখল কৰি থকা গৃহহীন লোকক সংস্থাপনৰ দাবী । দুৰ্ঘটনাত চিকিৎসক ৰিজোৱানা বেনজিনৰ মৃত্যুৰ তদন্তৰ দাবী আম আদমী পাৰ্টীৰ ।

AAP demand inquiry death of doctor Rizwana Benzin
ৰিজোৱানা বেনজিনৰ মৃত্যুৰ তদন্তৰ দাবী আম আদমী পাৰ্টীৰ
author img

By

Published : Sep 30, 2022, 8:28 PM IST

নগাঁও,৩০ চেপ্তেম্বৰ: নগাঁৱত আম আদমী পাৰ্টীৰ সংবাদ মেল(AAP Press meet at Nagaon) । চৰকাৰে ৰেলৱে ভূমি বে-দখল মুক্ত কৰিবলৈ লোৱা প্ৰচেষ্টাক শলাগ লৈছে আম আদমী পাৰ্টিয়ে । ৰেলৰ বেদখলকৃত ভূমিত ৩০/৪০ বছৰ ধৰি বসবাস কৰি আহিছে বহু লোকে বুলি সংবাদ মেলত দাবী কৰে আম আদমী পাৰ্টীয়ে । বেদখল কৰি থকা লোকসকল থলুৱা লোক, তেওঁলোকৰ আধাৰ কাৰ্ড, বৈদ্যুতিক বিল পৰিশোধ কৰাৰ ৰচিদ আৰু ভোটাৰ কাৰ্ডো আছে বুলি দাবী কৰে দলটোৱে ।

ৰেলৱে’ৰ ভূমিত বেদখল কৰি থকা গৃহহীন লোকক চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে দাবী উত্থাপন কৰে আম আদমী পাৰ্টিয়ে । লগতে বঢ়মপুৰত ৰাজপথত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চিকিৎসক ৰিজোৱানা বেনজিনৰ মৃত্যু সন্দৰ্ভতো আম আদমী পাৰ্টিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Doctor dead in Nagaon)৷ ।

চিকিৎসক ৰিজোৱানা বেনজিনৰ মৃত্যুৰ তদন্তৰ দাবী আম আদমী পাৰ্টীৰ

বঢ়মপুৰৰ নৱম আৰক্ষী বাহিনীৰ এখন বাহনে ট্ৰেফিক আইন উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি দলটোৱে কয়, যদি আৰক্ষীয়ে নিয়ম নামানে তেনেহলে কি যুক্তিত তেওঁলোকে সৰ্বসাধাৰণক ট্ৰেফিকৰ নিয়ম মানিবলৈ আহ্বান জনায় । দুৰ্ঘটনাটোত মৃত্যু ঘটা চিকিৎসক ৰিজোৱানা বেনজিনৰ মৃত্যুৰ ন্যায়িক তদন্তৰো দাবী তুলিছে আম আদমী পাৰ্টী নগাঁও শাখাই (Aam Admi party) ।

লগতে পঢ়ক: নগাঁৱত দুৰ্ঘটনাত আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.