ETV Bharat / state

অসমত দুটা জধা মূৰ্খ আছে, এটা সৰ্বানন্দ আনটো হিমন্ত: মনজিৎ মহন্ত

author img

By

Published : Jan 12, 2020, 11:53 PM IST

বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে অগণতান্ত্রিক আৰু ফেচীবাদী চৰকাৰ ৷ ৭১ ৰ পাছৰ এজনো বাংলাদেশীক অসমৰ ৰাইজে গ্ৰহণ নকৰো বুলি সকীয়াই দিয়ে ।

জুৰীয়াত আমছুৰ "জনতাৰ প্ৰতিবাদ"
জুৰীয়াত আমছুৰ "জনতাৰ প্ৰতিবাদ"

নগাঁও, 12 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দেওবাৰে জুৰীয়াৰ দগাঁৱত আমছুৰ উদ্যোগত নগাঁও জিলা সমিতিৰ সহযোগত "জনতাৰ প্ৰতিবাদ" শীৰ্ষক গণ সমাবেশ অনুষ্ঠিত হয় ৷ দগাঁও আঞ্চলিক খেল পথাৰত অনুষ্ঠিত জনতাৰ প্ৰতিবাদ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিবাদী কন্ঠ মনজিৎ মহন্তই "বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে অগণতান্ত্রিক আৰু ফেচীবাদী চৰকাৰ বুলি মন্তব্য কৰে ৷ লগতে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক সকীয়নি দি কয় যে, আমি ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব নিদিও, অসমত দুটা জধা মূৰ্খ আছে, এটা সৰ্বানন্দ আনটো হিমন্ত বুলি তাচ্ছিল্য কৰি এশটা শিয়াল মৰিলে এটা হিমন্তৰ জন্ম হয় বুলিয়ো মন্তব্য কৰে ।

জুৰীয়াত আমছুৰ "জনতাৰ প্ৰতিবাদ"

নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ দহ সহস্ৰাধিক ৰাইজক উদ্দেশ্যি মনজিৎ মহন্তই ৭১ ৰ পাছৰ এজনো বাংলাদেশীক অসমৰ ৰাইজে গ্ৰহণ নকৰো বুলি সকিয়াই দিয়ে । প্ৰয়োজন হ'লে 800 নহয় 8000 শ্বহীদ হ'ম বুলিয়ো মন্তব্য কৰে বিশিষ্ট সমাজ কৰ্মীগৰাকীয়ে ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আঁত ধৰা জনতাৰ প্ৰতিবাদত বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে "নৰেন্দ্ৰ মোডী, অমিত শ্বাহ নেতৃত্বাধীন ভাৰত চৰকাৰে সংবিধানৰ আত্মা ধ্বংস কৰিব ওলাইছে বুলি মন্তব্য কৰে।

দেওবাৰে পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত জনতাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি গণ শিল্পী সূৰ্য দাস, আমান উদ্দিন, শদিয়াৰ গায়ক ৰাজীৱ চেতিয়া, জাভেদ আলম, মিন্টু মনি দাস আদি কেইবাগৰাকী গায়কে গীতেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশাল জনতাৰ প্ৰতিবাদত উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী মীৰা বৰঠাকুৰেও সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি আৰু ভাষাক বাংলাদেশত বন্ধকত দিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰে । দেওবাৰৰ এই সভাত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, কাৰ্যকৰী সভাপতি আইন উদ্দিন আহমেদ, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ লগতে দহ সহস্ৰাধিক জনতা আৰু কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Intro:জুৰীয়া দগাঁওত আমছুৰ " জনতাৰ প্ৰতিবাদ ' " শীৰ্ষক গণ প্ৰতিবাদি সভাৰ আয়োজন ৷Body: নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত আজি জুৰীয়া দগাঁওত আমছুৰ উদ্যোগত নগাঁও জিলা সমিতিৰ সহযোগত জুৰীয়া দগাঁওত "জনতাৰ প্ৰতিবাদ" শীৰ্ষক এক গন সমাবেশ অনুষ্ঠিত হয়৷ দগাঁও আঞ্চলিক খেল পথাৰত অনুষ্ঠিত জনতাৰ প্ৰতিবাদ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিবাদী কন্ঠ মনজিৎ মহন্তই "বিজেপি চৰকাৰ সম্পূৰ্ণ ৰূপে অগনতান্ত্রিক আৰু ফেচীবাদী চৰকাৰ ৷ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক সকীয়নি দি কয় যে আমি ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব নিদিও, অসমত দুটা জধা মূৰ্খ আছে, এটা সৰ্বানন্দ আনটো হিমন্ত বুলি তাশ্ছিল্য কৰি এশটা শিয়াল মৰিলে এটা হিমন্তৰ জন্ম হয়। অমিত শ্বাহৰ নাম অমিত শ্বাহ হব নালাগে আচলতে গৰল শ্বাহ হব লাগে বুলি মন্তব্য কৰে। নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ দহ সহস্ৰাধিক ৰাইজক উদ্দেশ্যি তেওঁ ৭১ ৰ পাছৰ এজনো বাংলাদেশীক অসমৰ ৰাইজে গ্ৰহণ নকৰোঁ বুলি সকিয়াই দিয়ে । প্ৰয়োজন হলে ৮ শ নহয় ৮ হাজাৰ শ্বহীদ হম। এই আইন আমি ভৰিৰে মোহাৰি ব্ৰহ্মপুত্ৰ ত দলিয়াই পেলাম বুলি প্ৰতিবাদী ভাষন প্ৰদান কৰে। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আঁত ধৰা জনতাৰ প্ৰতিবাদত বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে "নৰেন্দ্ৰ মোডী, অমিত শ্বাহ নেতৃত্বাধীন ভাৰত চৰকাৰে সংবিধানৰ আত্মা ধ্বংস কৰিব উলাইছে। আমি ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব। আজি অসমৰ ৰাইজে বিজেপি উৎখাৎ কৰিবলৈ উলাই আহিছে। আমাৰ লৰাছোৱালীক চাকৰি দিব লাগে আৰু তোমালোকে আমাক বিদেশী দিছা।এটা বছৰৰ পাছত আপোনাকে এই বিজেপি ক উফৰাই দিব লাগিব। এইখন অসমীয়া জাতিৰ অস্তিত্বৰ শেষ যুদ্ধ ৷ কা খন ইতিমধ্যে আইনত পৰিণত হৈছে৷ এই আইনখন অসমত কাৰ্যকৰী হোৱাৰ লগেলগে অসমৰ জন বিন্যাস , অসমীয়া ভাষা -সংস্কৃতিৰ হানি বিঘিণিটো হ’বই, অসমীয়া মানুহে আত্মপৰিচয় হেৰুৱাব ৷ সকলো ধৰণৰ অগ্ৰাসনে অসমীয়া জাতিক গ্ৰাস কৰি পেলাব" বুলি ভাষন প্ৰদান কৰি চৰকাৰে অখিল গগৈক ভুৱা গোচৰত আটক কৰিছে বুলি প্ৰকাশ কৰে। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত জনতাৰ প্ৰতিবাদত অংশ গ্ৰহণ কৰি গন শিল্পী সূৰ্য দাসে গীত কথাৰে প্ৰতিবাদ সাব্যস্ত কৰে। আমান উদ্দিন, শদিয়াৰ গায়ক ৰাজীৱ চেতিয়া, জাভেদ আলম, মিন্টু মনি দাস আদি কেইবা গৰাকী গায়কে গীতেৰে প্ৰতিবাদ সাব্যস্ত কৰা বিশাল জনতাৰ প্ৰতিবাদত উপস্থিত থাকি বিশিষ্টা সমাজকৰ্মী মীৰা বৰঠাকুৰে সৰ্বানন্দ আৰু হিমন্ততই অসমীয়া জাতি আৰু ভাষাক বাংলাদেশত বন্ধকত দিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰে । আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, কাৰ্য্যকৰী সভাপতি আইন উদ্দিন আহমেদ, সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, ইমতাজ হুছেইন, সহকাৰী সম্পাদক মিন্নাতুল ইছলাম, নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট চিকিৎসক ডাঃ ৰিয়াজ উদ্দিন আহমেদ, অধ্যাপক শ্বৰিফুল ইছলামকে প্ৰমুখ্য কৰি দহ সহস্ৰাধিক জনতা উপস্থিত আছিল।
ৰূপহীহাটৰ পৰা
উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.