ETV Bharat / state

সামাজিক মাধ্যমৰ সদ ব্যৱহাৰ: মোকলাইছে উপাৰ্জনৰ পথ

author img

By

Published : May 19, 2021, 12:07 PM IST

কলিয়াবৰৰ এগৰাকী শিক্ষিত যুৱতীয়ে দেখুৱাইছে স্বাৱলম্বনৰ এক সুন্দৰ পথ ৷ অলিস্মিতা শইকীয়া নামৰ যুৱতীগৰাকীয়ে তাঁতশালত কাপোৰ বৈ ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে সমগ্ৰ অসমতে আৰম্ভ কৰিছে ব্যৱসায় ৷

A young woman shows the way to self-sufficiency through social media
সামাজিক মাধ্যমেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে এগৰাকী যুৱতীয়ে

কলিয়াবৰ,19 মে': যি সময়ত নিবনুৱা যুৱক-যুৱতীয়ে লক ডাউনৰ বাবে ঘৰতে বহি সময় অতিবাহিত কৰিছে, ঠিক সেই সময়তে কলিয়াবৰৰ এগৰাকী শিক্ষিত যুৱতীয়ে দেখুৱাইছে আন এক নিদৰ্শন ৷ অলিস্মিতা শইকীয়া নামৰ যুৱতীগৰাকীয়ে সামাজিক মাধ্যমক বাছি লৈছে উপাৰ্জনৰ মূল আহিলা হিচাপে ৷ যুৱতী গৰাকীয়ে তাঁতশালত কাপোৰ বৈ ফেচবুক, ইনষ্টাগ্ৰামৰ জৰিয়তে আৰম্ভ কৰিছে ব্যৱসায় ৷

যুৱতীগৰাকীয়ে "উৰ্মিকা-Handmade Art & Craft" নামেৰে এক থলুৱা ব্যৱসায় আৰম্ভ কৰিছে ৷ নিজ হাতে চাদৰ-মেখেলা ডিজাইন কৰাৰ লগতে তাঁতশালত গামোচা আৰু হাতেৰে বাঁহৰ সামগ্ৰী বনোৱাৰ লগতে বিভিন্ন থলুৱা সামগ্ৰী সাজি সামাজিক মাধ্যমৰ যোগেদি নগাঁও, যোৰহাট, গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছে ৷

উচ্চ শিক্ষিত যুৱতী অলিস্মিতাৰ এই কৰ্মত ছাঁৰ দৰে সহায় কৰি আহিছে পিতৃ সুশেন শইকীয়াই ৷ সৰুৰে পৰা স্বাৱলম্বী হোৱাৰ সপোন পুহি ৰখা অলিস্মিতাৰ এই কৰ্মৰাজিৰ বাবে এতিয়া সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়ক: কৰ’ণাক পৰাজয় কৰি কৰ্মজীৱন অব্যাহত ৰখা বৰপেটাবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.