নগাঁও, 13 মে': ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আপত্তিৰ নামত সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তিৰ অভিযোগ ৷ সুদূৰ আমেৰিকাৰ পৰা আহি শুনানিত হাজিৰ হ'ল সত্ৰাধিকাৰৰ ভাতৃ । আপত্তিকাৰীৰ বিৰুদ্ধে আৰ টি আইৰ জৰিয়তে তথ্য বিচাৰি গোচৰ তৰিব স্বাধীনতা সংগ্ৰামীৰ পুত্ৰ সত্ৰাধিকাৰে ৷
নগাঁও চহৰৰ আমোলাপট্টিৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ পৰিয়ালৰ ওপৰত আপত্তি দৰ্শাইছিল দুলাল শৰ্মা নামৰ এজন ব্যক্তিয়ে । বিগত দহ মে'ত শিঙিমাৰী স্বাস্থ্য উপকেন্দ্ৰত থকা এন আৰ চি সেৱা কেন্দ্ৰত সোমবাৰে পুৱা দহ বজাতেই হাজিৰ হ'ল সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামী । যত কৰ্মস্থান আমেৰিকাৰ পৰা আহি উপস্থিত থাকিবলগীয়া হ'ল সত্ৰাধিকাৰ ভাতৃ ডাঃ নিপানন্দ গোস্বামী।
লক্ষ্যণীয় যে, সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ পিতৃ আছিল স্বাধীনতা সংগ্ৰামী । ঐতিহ্যপূৰ্ণ সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে জেলৰ ভাত খাই বিদেশী খেদা আন্দোলনত জড়িত হৈছিল ৷