নগাঁও, 10 এপ্ৰিল : পিতৃ মাতৃ আৰু শ্ৰৱণ কুমাৰ । নিজ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাৰ এক অনন্য উদাহৰণ হৈছে শ্ৰৱণ কুমাৰ । নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত 'মা' নামৰ এক অনুষ্ঠানত শ্ৰৱণ কুমাৰৰ নামত বঁটা প্ৰদান কৰা হয় ।
লক্ষিমপুৰ জিলাৰ এগৰাকী বিশেষ ব্যক্তি । ব্যক্তিগৰাকীৰ নাম গোবিন বৰদলৈ । নিজৰ পিতৃ মাতৃক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিগত ৩১ বছৰে 'মা' শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰি আহিছে এইগৰাকী গোবিন বৰদলৈয়ে ।
ব্যক্তিগৰাকীৰ নিজৰ এক পৰিচিত প্ৰতিস্থান মেচাৰ্ছ জি এণ্টাৰপ্ৰাইজৰ উদ্যোগত প্ৰতি বছৰে মা' শীৰ্ষক অনুষ্ঠানটিৰ আয়োজন কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । শনিবাৰে নগাঁও মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মেচাৰ্ছ জি এণ্টাৰপ্ৰাইজে আয়োজন কৰে মা' শীৰ্ষক এই ব্যতিক্ৰমী অনুষ্ঠানটোৰ ।
এই অনুষ্ঠানৰ উদ্দেশ্য নিজ পিতৃ মাতৃক অৱহেলা কৰা পথভ্ৰষ্ট সন্তানসকলৰ মাজত সজাগতা সৃষ্টি কৰা । শনিবাৰে নগাঁও মহাবিদ্যালয়ত এশ পাঁচগৰাকী মাতৃৰ উপস্থিতিত অনুষ্ঠিত হোৱা 'মা' শীৰ্ষক অনুষ্ঠানত নিজ মাতৃয়ে কৰা ত্যাগক সুঁৱৰি উচুপি উঠে গোবিন বৰদলৈয়ে । একেটা অনুষ্ঠানতে নিজৰ ব্যস্ততাৰ মাজতো পিতৃ-মাতৃক সেৱা আগবঢ়াই নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱা জখলাবন্ধাৰ অৰুণ হাজাৰিকাক প্ৰদান কৰা হয় এই বৰ্ষৰ শ্ৰৱণ কুমাৰ বঁটা ৷
লগতে পঢ়ক:মৰিগাঁৱৰ জাংফাই বিহুৱা দলৰ ব্যাপক প্ৰস্তুতি