ETV Bharat / state

কভিড ১৯ ৰ সংক্ৰমণৰ সন্দেহত স্ব-ইচ্ছাৰে স্বাস্থ্য পৰীক্ষা এটি পৰিয়ালৰ

অতিথি ঠিকেই অভ‍্যৰ্ধনা কৰি বিদায় দিলে। কিন্তু পৰিয়াল দুটি শঙ্কিত হৈ পৰিল, যেতিয়া তেওঁলোকে জানিব পাৰিলে যে বহিঃৰাজ্যত কৰ্মৰত যুৱকজনৰ ঘৰলৈ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত স্বাস্থ্যকৰ্মী আহিছে।

স্ব-ইচ্ছাৰে স্বাস্থ্য পৰীক্ষা এটি পৰিয়ালৰ

author img

By

Published : Apr 2, 2020, 2:24 PM IST

কলিয়াবৰ, 2 এপ্ৰিলঃ কৰ'ণা সংক্ৰমণৰ এই ভয়াবহ সময়ছোৱাত এচাম অসচেতন লোকৰ বাবে সমগ্ৰ ভাৰতৰ লগতে অসমতো এক জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে । ভাৰতৰ প্ৰতিটো প্ৰান্তৰ স্বাস্থ্য বিভাগ আৰু স্থানীয় প্ৰশাসনৰ তৎপৰতাৰ পাছতো কিছু লোকৰ মুৰ্খামীৰ বাবে ভাৰতত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে । আনহাতে, এই জটিল সন্ধিঃক্ষণত বহুজনৰ সচেতনতাও লক্ষ্য কৰা গৈছে। এনে এক সময়তে সজাগতাৰ পৰিচয় দিছে কলিয়াবৰ মহকুমাৰ ২ নং বিহডুবিৰ এটা পৰিয়ালে । বিহডুবিৰ চিকিৎসা কেন্দ্ৰত বুধবাৰে নিশা উপস্থিত হয় হাম্পতাল ৰাজভৰ আৰু চুবুৰীয়া আন এটি পৰিয়ালৰ মুঠ বাৰজনীয়া সদস্যৰ এটি দল ।

জানিব পৰা মতে, ৩ নং গাখীৰেখাইতি গাঁৱৰ এজন সম্বন্ধীয় যুৱক বিগত সপ্তাহত তেওঁলোকৰ ঘৰলৈ আহিছিল অতিথি ৰূপে। অতিথি ঠিকেই অভ‍্যৰ্ধনা কৰি বিদায় দিলে। কিন্তু পৰিয়াল দুটি শংকিত হৈ পৰিল, যেতিয়া তেওঁলোকে জানিব পাৰিলে যে বহিঃৰাজ্যত কৰ্মৰত যুৱকজনৰ ঘৰলৈ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত স্বাস্থ্যকৰ্মী আহিছে।

স্ব-ইচ্ছাৰে স্বাস্থ্য পৰীক্ষা এটি পৰিয়ালৰ

ঘটনাটোৰ বিষয়ে স্থানীয় শিলঘাট আৰক্ষী চকীত জনোৱাত, আৰক্ষীৰ পৰামৰ্শ মতে জখলাবন্ধা চিকিৎসালয়ত পৰিয়ালটো স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহে । চিকিৎসকে বাৰজনীয়া পৰিয়াল দুটিৰ জেষ্ঠ-কনিষ্ঠ প্ৰতিগৰাকী সদস্যৰে স্বাস্থ্য পৰীক্ষা কৰে । পৰীক্ষাৰ অন্তত সন্দেহজনক ভাইৰাছৰ উপস্থিত ধৰা নপৰিলেও 12 জন লোকক পৰৱৰ্তী ১৪ দিন আছুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়ে চিকিৎসকে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.