ETV Bharat / state

Historic preservation: ঐতিহাসিক সমল সংৰক্ষণৰ প্ৰচেষ্টা এগৰাকী অসমীয়াৰ - Historic preservation

কলিয়াবৰত এগৰাকী ব্যক্তিৰ কৰ্মক প্ৰশংসা কৰিছে ৰাইজে । বিজয় ভূঞা নামৰ লোকজনে কলিয়াবৰৰ ঐতিহাসিক সমলবোৰ সংৰক্ষণৰ প্ৰচেষ্টা চলাইছে (Vijay Bhuyan's efforts to save historical content)। চৰকাৰী সাহায্য অবিহনে এককভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে বিজয় ভূঞাই ।

Historical place of Assam
ঐতিহাসিক সমল সংৰক্ষণৰ প্ৰচেষ্টা এগৰাকী অসমীয়াৰ
author img

By

Published : Feb 4, 2022, 5:32 PM IST

কলিয়াবৰ,৪ ফেব্ৰুৱাৰী : অসমৰ ঐতিহাসিক স্থানসমূহ (Historical place of Assam) সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে এগৰাকী ব্যক্তি । চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি অসমৰ ভিন্ন প্ৰান্তত ঐতিহাসিক সমল বিচাৰি ফুৰিছে নগাঁৱৰ বিজয় ভূঞা নামৰ ব্যক্তিগৰাকীয়ে (Vijay Bhuyan's efforts to save historical content)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থানসমূহৰ সমান্তৰালভাৱে কলিয়াবৰৰ শিলঘাটস্থিত অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত উপস্থিত হয় ব্যক্তিগৰাকী ।

ঐতিহাসিক সমল সংৰক্ষণৰ প্ৰচেষ্টা এগৰাকী অসমীয়াৰ

তেওঁ সম্প্ৰতি কামাখ্যা দেৱালয়ত সিঁচৰতি হৈ থকা ঐতিহাসিক সমলসমূহৰ অন্বেষণত ব‍্যস্ত হৈ পৰিছে (Historic preservation) । কামাখ্যা দেৱালয়ৰ চৌদিশে সিঁচৰতি হৈ থকা সমলসমূহ খান্দি উলিওৱাৰ লগতে উদ্ধাৰ কৰা সমলসমূহ একগোট কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে বিজয় ভূঞাই । তদুপৰি, ঐতিহাসিক স্থানসমূহত এলাগী হৈ পৰা আহোমৰ দিনৰ বৃক্ষসমূহ দীৰ্ঘজীৱী কৰাৰো ব্যৱস্থা কৰিছে বিজয় ভূঞাই ।

বহিঃৰাজ‍্যৰ শীৰ্ষ পৰ্যায়ৰ কলা-শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰা বিজয় ভূঞাই চৰকাৰী কোনো সুবিধা গ্ৰহণ নকৰাকৈ এককভাৱে নিজৰ হাতৰ ধন খৰচ কৰি ঐতিহাসিক স্থানসমূহৰ সমল একগোট কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক শলাগ লৈছে কলিয়াবৰৰ ৰাইজে ।

লগতে পঢ়ক :ঐতিহাসিক ধোদৰ আলিক চৰকাৰীভাৱে নিৰ্মাণৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.