ETV Bharat / state

নগাঁৱত নৈত জপিয়াই আত্মহত্য়াৰ চেষ্টা: উদ্ধাৰ অভিযান অব্যাহত

author img

By

Published : Aug 20, 2020, 12:59 PM IST

নগাঁৱৰ বৰকলাত হাৰিয়া নৈত এগৰাকী ব্যক্তিয়ে জপিয়াই আত্মহত্যাৰ চেষ্টা চলায় ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিতে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷

a man attempt to suicide in nagaon assam etv bharat news
নৈত জপিয়াই আত্মহত্য়াৰ চেষ্টা

বঢ়মপুৰ,20 আগষ্ট: নগাঁও জিলাৰ বৰক’লাত সংঘটিত হৈছে এক অঘটন ৷ বৰক’লাৰ মাজেৰে বৈ যোৱা হাৰিয়া নদীৰ দলঙৰ পৰা এগৰাকী ব্যক্তিয়ে জপিয়াই আত্মহত্যাৰ চেষ্টা চলায় ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা ব্যক্তিগৰাকীয়ে নৈত জাপ দিয়াৰ পিছৰে পৰা বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে ৷ সন্ধানহীন লোকগৰাকী কামপুৰ মগৰিয়াআটি গাঁৱৰ ৰূপজ্যোতি বৰা বুলি জানিব পৰা গৈছে ৷

নৈত জপিয়াই আত্মহত্য়াৰ চেষ্টা

মূলতঃ পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনা সংঘটিত হোৱাৰ অনুমান প্ৰকাশ কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ সম্প্ৰতি স্থানীয় ৰাইজৰ লগতে এছডিআৰএফ বাহিনীয়ে নৈখনত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু এইপৰ্যন্ত ব্যক্তিগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাই উদ্ধাৰকাৰী দলে ৷ সন্ধানহীন ব্যক্তিগৰাকী পেচাত এগৰাকী মটৰ মেকানিক আছিল ৷

লগতে চাওকঃ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ শংকিত তাৰাজুলি চাহ বাগিছাবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.