নগাঁও, 12 নৱেম্বৰ : নগাঁৱৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আত্মসহায়ক গোটৰ একাংশ মহিলা । অসমী ফাইনেঞ্চ প্ৰাইভেট লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানটোৰ নগাঁৱৰ শাখা কাৰ্যালয়ত একাংশ মহিলা উপস্থিত হৈ প্ৰাপ্য ধন উভতাই বিচাৰি কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । আনকি বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপাৰো সিদ্ধান্ত গ্ৰহণ কৰে মহিলা হিতাধিকাৰীসকলে ।
মহিলা হিতাধিকাৰীসকলৰ অভিযোগ, ব্যক্তিগত খণ্ডৰ এই বিত্তীয় প্ৰতিষ্ঠানটোৱে মহিলাসকলক বিভিন্ন গোটত ভাগ কৰি ঋণ প্ৰদান কৰিছিল । প্ৰতিটো গোটতে ১০ গৰাকীকৈ মহিলা আছিল । প্ৰতিষ্ঠানটোৱে ঋণ প্ৰদানৰ বিপৰীতে প্ৰতিগৰাকী মহিলাৰ পৰা ২ হাজাৰৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত নিৰাপত্তাজনিত ধন অৰ্থাৎ চিকিউৰিটি মানি গ্ৰহণ কৰিছিল ।
নিয়ম অনুযায়ী ঋণ পৰিশোধ কৰাৰ পিচত মহিলা সকলক এই আমানতৰ ধন ওভতাই দিব লাগিব । কিন্তু বহু কেইটা গোটৰ হিতাধিকাৰীয়ে ঋণ পৰিশোধ কৰাৰ পিচতো তেওঁলোকৰ আমানতৰ ধন উভতাই দিয়া নাই । দীৰ্ঘদিন ধৰি মহিলাসকলে এই প্ৰাপ্য ধন উভতাই দিবলৈ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ শাখা প্ৰৱন্ধকগৰাকীক আবেদন-নিবেদন কৰিছিল ৷
কিন্তু হিতাধীকাৰীসকলে আবেদন-নিবেদন কৰাৰ পিচতো বৰ্তমান পৰ্যন্ত উভতাই পোৱা নাই প্ৰাপ্যৰ ধন । যাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী হিতাধীৰকাৰীসকল ৷ মহিলাসকলে অভিযোগ কৰা অনুসৰি, কেইবাটাও গোটৰ মহিলাই পাবলগীয়া এই ধনৰ পৰিমাণ কেইবালক্ষাধিক টকা হ’ব ।
লগতে পঢ়ক : Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক
কেইবাটাও গোটৰ মহিলাই তেওঁলোকৰ প্ৰাপ্য ধন বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পিচতে মুখ খুলিছে ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানটোৰ নগাঁও শাখাৰ প্ৰৱন্ধক গৰাকীয়ে ৷ নগাঁও শাখাৰ প্ৰৱন্ধক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে হিতাধীকাৰীসকলক ধন ঘূৰাই দিব নোৱাৰাৰ কথা । তেওঁ কয় যে -'আমি উদ্যোগিক সমবায় বেংকৰ জৰিয়তে ঋণ প্ৰদান কৰো । কিন্তু সম্প্ৰতি উদ্যোগিক সমবায় বেংকত কিছু বিত্তীয় খেলিমেলি হৈছে ৷ সেয়ে আমি হিতাধিকাৰীসকলক আমানতৰ ধন অৰ্থাৎ চিকিউৰিটি মানি উভতাই দিব পৰা নাই’ ।
লক্ষ্যণীয় যে, এই বিত্তীয় প্ৰতিষ্ঠানটো যিটো ঘৰত ভাড়াত আছে সেই ঘৰৰো দুমাহৰ ভাড়া পৰিশোধ কৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে বহু কৰ্মচাৰীয়ে চাকৰিৰ পৰা অব্যাহতি লোৱা বুলিও জানিব পৰা গৈছে । সাধাৰণলোকৰ ধন আত্মসাতৰ ফন্দি কৰা এই বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয় ।
লগতে পঢ়ক : অবৈধ বাংলাদেশীক জালি স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান; ডিব্ৰুগড়ত এজনক আটক