কলিয়াবৰ, 24 ছেপ্টেম্বৰ: কলিয়াবৰৰ দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক অপূৰ্ব দৃশ্য (A beautiful view on NH 37) ৷ এই মনোমোহা দৃশ্য প্ৰত্যক্ষ কৰি মোহাচ্ছন্ন হ'ব আপুনিও ৷ যিসময়ত ৰাজ্যত হাতী-মানুহৰ সংঘাতে (Man elephant conflict) চৰম পৰ্যায় পাইছে সেই সময়ত এনে দৃশ্যই মনটো পুলকিত কৰি তোলে ৷
শনিবাৰে পুৱা দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা কাৰ্বি পাহাৰলৈ গতি কৰিছে বনৰীয়া হাতীৰ এটা দল ৷
এই দৃষ্টিনন্দন দৃশ্য বন্দী হৈ ৰ’ল ৩৭নং পথচাৰীৰ কেমেৰাত ৷ কিছুসময়ৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোৰে স্তব্ধ হৈ পৰিল উজনি-নামনিৰ যান-বাহন যাতায়ত ৷
লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা