ETV Bharat / state

Bhupen Hazarika's birth anniversary: ভূপেন হাজৰিকাক ‘‘মদাৰৰ ফুল’’ জ্ঞান কৰিছে নেকি চৰকাৰে !

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 11:13 AM IST

কলিয়াবৰক ‘‘আপোন ঠাই’’ বুলি ভবা সংগীত সূৰ্য‍, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ ৯৭ তম্ ওপজা দিন ৷ দীৰ্ঘ বিৰতিৰ পাচত কলিয়াবৰৰ ‘মঞ্চ’ৰ উদ্যোগত পুনৰ অনুষ্ঠিত হ’ব ভূপেন হাজৰিকাৰ পিতৃ-মাতৃৰ সোঁৱৰণত বঁটা প্ৰদান কৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ৷ ভূপেন হাজৰিকাৰ ওপজা দিনত চৰকাৰে তেওঁক ‘‘মদাৰৰ ফুল’’ জ্ঞান কৰিছে নেকি বুলি ভূপেনপ্ৰেমী ক্ষোভ ৷

Bhupen Hazarika's birth anniversary
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন

কলিয়াবৰ, ৮ ছেপ্টেম্বৰ : অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৭ তম্ ওপজা দিন ৷ সুধাকণ্ঠৰ ওপজা দিনটোত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে ৷ ১৯২৬ চনত শদিয়াত তেওঁ জন্মলাভ কৰিছিল ৷ মাত্ৰ ৮৫ বছৰীয়া জীৱন পৰিক্ৰমাত তেওঁ অসমীয়া সমাজ তথা কলা জগতলৈ বহু বৰঙণি আগবঢ়াই থৈ গৈছে ৷

সকলোৰে জ্ঞাত যে, কলিয়াবৰত অনুষ্ঠিত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতালৈ সংগীত সূৰ্যই প্ৰয়াত পিতৃ নীলকান্ত হাজৰিকা আৰু প্ৰয়াত মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ স্মৃতিত আগবঢ়াইছিল দুটাকৈ বঁটা । সমান্তৰালকৈ অনুষ্ঠিত হৈছিল পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ।

Bhupen Hazarika's birth anniversary
সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

এই প্ৰতিযোগিতাৰ বাবে গীতিকবিৰ প্ৰয়াত পুত্ৰ প্ৰণভিৰাম বৰাই আগবঢ়াইছিল বঁটা । ১৯৯৩ চনৰ পৰা কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান মঞ্চৰ উদ্যোগত আৰম্ভ হৈছিল সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ।

কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰতিযোগীৰ আন্তৰিক সহযোগত হৈ পৰিছিল অসমৰ এখন আভিজাত তথা জনপ্ৰিয় সংগীত প্ৰতিযোগিতা । যিখন প্ৰতিযোগিতাত প্ৰণভিৰাম বৰুৱা, সমৰ হাজৰিকাৰ দৰে অসমৰ বিখ্যাত সংগীত শিল্পীয়ে বিচাৰকৰ দায়িত্ব পালন কৰিছিল ।

পৰৱৰ্তী সময়ত কেইবাবছৰো মঞ্চই সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিষয়ে তেখেতক কৰ্ম-কৰ্তাসকলে অৱগত কৰে আৰু নিমন্ত্ৰণো কৰে । তেখেতে নিমন্ত্ৰণ ৰক্ষাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিভিন্ন ব্যস্ততাৰ বাবে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত উপস্থিত হ'ব পৰা নাছিল ।

কিন্তু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ বাবে ২০০১ চনত প্ৰতিযোগিতাস্থলীত ভূপেন হাজৰিকাই নিজে উপস্থিত থাকি তেখেতৰ পিতৃ আৰু মাতৃৰ স্মৃতিত ‘‘নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকা সোঁৱৰণী বঁটা’’ আগবঢ়াইছিল । সম্ভৱত, ভূপেন হাজৰিকাই স্বয়ং ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা এইটোৱেই একমাত্ৰ বঁটা ।

যোৱা ২০১৭ চনৰ পৰা ছবছৰ ধৰি মঞ্চই আয়োজন কৰা সদৌ অসম ভিত্তিত আয়োজিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই । যোৱা সময়ছোৱাত সংগীত সূৰ্য‍, সুধাকণ্ঠগৰাকীৰ অনুগামীসকলে প্ৰতিযোগিতাখনি পুনৰ অনুষ্ঠিত কৰাতো আন্তৰিকতাৰে বাঞ্চা কৰিছিল ।

Bhupen Hazarika's birth anniversary
ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন

২০১৭ চনত মঞ্চই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবলৈ যো-জা কৰিছিল যদিও সেই বছৰতে আগষ্ট মাহত হোৱা কলিয়াবৰৰ প্ৰলয়ংকাৰী বানৰ বাবে অনুষ্ঠিত নহ'ল । তাৰ পাচৰ বছৰ কলিয়াবৰৰ সামগ্ৰীক অৰ্থনৈতিক অৱস্থাৰ বাবে সম্ভৱ হৈ উঠা নাছিল ।

পৰৱৰ্তী সময়ত কা’ আন্দোলন আৰু ক’ভিড পৰিস্থিতিয়ে অসমৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিত বিধি-পথালি দিছিল । এইবেলি এই প্ৰতিযোগিতাখনি অহা ২৫ ছেপ্তেম্বৰ তাৰিখে সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সমান্তৰালকৈ পাৰ্বতি প্ৰসাদ বৰুৱা গীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

ভূপেন হাজৰিকাৰ অনুগামী সংগীত চৰ্চাকাৰীসকলৰ বাবে সংগীত সূৰ্য‍ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত আয়োজিত প্ৰতিযোগিতাখনিয়ে তেখেতৰ সৃষ্টিক যুগমীয়া কৰাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী মঞ্চৰ উদ্যোক্তাসকল ।

উল্লেখযোগ্য যে, কলিয়াবৰৰ লগত সংগীত সূৰ্য, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ সমন্ধ পুৰণি । সেই সমন্ধৰ স্মৃতি চাৰণ কৰি ভূপেন দাই কৈছিল –‘‘কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে । কলিয়াবৰ মোৰ অতি আপোন ঠাই । কলিয়াভোমোৰা দলং হোৱাৰ আগতেও তেজপুৰৰ পৰা আমি কলিয়াবৰত জলপান খাই ১৯২৮ চনীয়া ফৰ্ড গাড়ীত উঠি নাজিৰালৈ যাওঁ’’ ।

কাজিৰঙা বোলছবিৰ এটি গীত ভূপেন হাজৰিকাই গাইছে – ‘‘কাজিৰঙা মোৰ সেউজ সপোন, আপোন কঁহৰা বাগৰি, সীমাৰ লুইত আৰু ডিফলু আপোন, আপোন মৰমী কুঠৰী । মোৰ কাজিৰঙাখনি অনন্য’’ । কুঠৰীৰ শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ লগত আছিল ভূপেন হাজৰিকাৰ অকৃত্ৰিম বন্ধুত্ব‌ ।

চন্দ্ৰ ফুকনৰ বাসস্থান আছিল ভূপেন হাজৰিকাৰ ভাতঘৰ, বহু গীতৰ ৰচনাৰ থলী । সেই বন্ধুত্বৰ সূত্ৰেই কুঠৰীত লৈছিল এটুকুৰা মাটি ৷ সাজিছিল আটোম-টোকাৰিকৈ এটি ঘৰ । উজনি নামনিৰ যাত্ৰা কালত জিৰণি লৈছিল সেই ঘৰটোত । এতিয়া ভূপেন হাজৰিকা নাই ৷ সেই ঘৰটোৰ চোতালত আছে ভূপেন হাজৰিকাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি ।

এক ঐতিহাসিক স্থল হিচাবে সংৰক্ষণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতা দেখুৱাইছিল । সোণোৱাল চৰকাৰে দায়িত্ব লৈয়েই কেবিনেটৰ প্ৰথম সভাত ভূপেন হাজৰিকাৰ টালিগঞ্জ আৰু কলিয়াবৰৰ বাসগৃহ দুটিক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছিল যদিও এতিয়াও বাস্তৱ ক্ষেত্ৰত ই বহু দূৰত ।

মাজখিনিতে, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাইও সেই স্থান পৰিদৰ্শন কৰি গৈছিল । কিন্তু ভূপেনদাৰ ওপজা দিনত চৰকাৰে ভূপেন হাজৰিকাক ‘‘মদাৰৰে ফুল’’ জ্ঞান কৰিছে নেকি বুলি ভূপেনপ্ৰেমীয়ে ক্ষোভ প্ৰকাশ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক : Tribute to Bhupen Hazarika: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত গণচেতনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.