ETV Bharat / state

কলিয়াবৰত পুনৰ পাঁচজন ক'ভিডত আক্ৰান্ত

কলিয়াবৰত পুনৰ পাঁচজনৰ দেহত ক'ভিডৰ অৱস্থিতি । জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয় ক'ভিড পৰীক্ষা কেন্দ্ৰত ৪ জন আৰু কুঁৱৰীটোলৰ ক্ষুদ্ৰ স্বাস্থ‍্য কেন্দ্ৰৰ ক'ভিড পৰীক্ষা কেন্দ্ৰত এজন লোক ক'ভিডত আক্ৰান্ত হিচাপে চিনাক্ত ।

kaliabor Covid case
কলিয়াবৰত পুনৰ পাঁচজন ক'ভিড পজিটিভ
author img

By

Published : May 3, 2021, 5:46 PM IST

কলিয়াবৰ, ৩ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা । ৰাজ্যত ক'ভিডৰ দ্বিতীয় ঢৌৱে ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ নগাঁৱৰ কলিয়াবৰত পুনৰ পাঁচজনৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ।

আক্ৰান্ত কেইজনৰ ভিতৰত চাৰিজনৰ জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয় ক'ভিড পৰীক্ষা কেন্দ্ৰত ধৰা পৰে ক'ভিডৰ অৱস্থিতি । আনহাতে, কুঁৱৰীটোলৰ ক্ষুদ্ৰ স্বাস্থ‍্য কেন্দ্ৰৰ ক'ভিড পৰীক্ষা কেন্দ্ৰত এজনৰ দেহত ধৰা পৰে ক'ভিডৰ অৱস্থিতি ।

আক্ৰান্ত চাৰিজনৰ এজন কুৱঁৰীটোলৰ আৰু তিনিজন চামধৰাৰ বুলি জানিব পৰা গৈছে । কলিয়াবৰৰ আটাইকেইটা ক'ভিড পৰীক্ষা কেন্দ্ৰৰ তথ‍্য এতিয়াও সম্পূৰ্ণকৈ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: নাহৰকটীয়া বিধানসভা সমষ্টিত বিজয়ী প্ৰাৰ্থী তৰংগ গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.