নগাঁও, ৯ মাৰ্চঃ নগাঁওৰ ধৰ্ষণকাণ্ডৰ ঘটনাত আৰক্ষীয়ে লাভ কৰিছে বিশেষ অগ্ৰগতি ৷ দেওবাৰে সংঘটিত হোৱা ঘটনাৰ লগত জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় পাঁচগৰাকীকৈ অভিযুক্তক ৷
বিগত দেওবাৰে নগাঁওৰ কচুৱা হালধিবাৰীত সংঘটিত দলৱদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় পাঁচগৰাকীকৈ অভিযুক্তক ৷ নগাঁওৰ কামপুৰ আৰক্ষীয়ে কচুৱা আৰু নগাঁও বাইপাচত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় অভিযুক্তকেইগৰাকীক ৷
আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা অভিযুক্তকেইটা ক্ৰমে, মফিদুল ইছলাম, মোবাৰক আলি, চাইদুল ইছলাম, আব্দুল বাৰেক আৰু জিয়াবুৰ ৰহমান বুলি চিনাক্ত হৈছে ৷ অৱশ্যে ঘটনাৰ সৈতে জড়িত মুল অভিযুক্ত জনৈক ফেৰীৱালা এতিয়াও পলাতক হৈয়ে আছে ৷
উল্লেখ্য যে, বিগত দেওবাৰে নিশা জনৈক ফেৰীৱালাই এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্থ যুৱতীক ফুচুলাই নি সাতগৰাকীকৈ লোকৰ সৈতে মিলি ধৰ্ষণ কৰিছিল ৷ আৰক্ষীয়ে বৰ্তমানলৈ অভিযান চলাই ঘটনাৰ সৈতে জড়িত অপৰাধীকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে যদিও এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই মুল অভিযুক্ত ফেৰীৱালাক ৷