ETV Bharat / state

লখিমী আদৰাৰ আনন্দ: আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত দাৱনী - আঘোণৰ পথাৰত জিলিকিছে সোণগুটি

হাতবাউল দি মাতিছে সোণালী ধাননিয়ে । আঘোণৰ পথাৰত জিলিকিছে সোণগুটি । লখিমী আদৰিবলৈ চহা কৃষকৰ মনত অপাৰ আনন্দ । গীত জুৰি ধান দাইছে পুৰণিগুদামৰ দাৱনীয়ে ।

Farmers busy in paddy field
আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত দাৱনী
author img

By

Published : Nov 19, 2021, 7:30 PM IST

চামগুৰি, ১৯ নৱেম্বৰ: আঘোণ(Aghun)ৰ সোণোৱালী পথাৰ... চহা কৃষকৰ আশাৰে বাট চাই থাকে এই সময়খিনিলৈ । যিফালেই চকু যায়, সেইফালেই কৃষকৰ কষ্টৰ ফচল জিলিকিছে । লখিমীক আদৰি ঘৰলৈ নিয়াৰ আনন্দই সুকীয়া ।

নগাঁৱৰ(Nagaon) পুৰণিগুদামৰ মুঢ়ানীৰ পথাৰতো দেখিবলৈ পোৱা গৈছে মন পুলকিত কৰা দৃশ্য । কপালৰ ঘাম মাটিত পেলাই কৃষকে(Farmers) কৰা ধান খেতি চপাবলৈ ওলাই আহিছে দাৱনী । হাতে হাতে কাঁচি লৈ মনৰ আনন্দতে গীত জুৰি ধান দাইছে দাৱনীসকলে । জেঠ মাহৰ পৰা কৰা কষ্টৰ অন্তত সোণগুটি চপাবলৈ পাই আনন্দিত দাৱনী-কৃষকসকল ।

আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত দাৱনী

আঘোণৰ পথাৰত গাঁৱৰ দাৱনীসকলৰ এই অকৃত্ৰিম আনন্দ-উল্লাস দেখি মন ভৰি পৰিছে কৃষকসকলৰো । কামৰ ব্যস্ততাৰ মাজতে কৃষকে দাৱনীসকলৰ কাৰণে আনি দিয়া চাহ, জলপান, বৰটেঙা আদিৰ সোৱাদ ল'বলৈও কিন্তু পাহৰা নাই সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকলে ।

আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে মুঢ়ানীৰ পথাৰত । আঘোণ কৃষক ৰাইজৰ অতি হেঁপাহৰ মাহ । বছৰটো চলিব পৰাকৈ ধান উৎপাদন হ'ব নে নাই, খেতি বিনষ্ট হোৱা আদি নানান চিন্তাই জুমুৰি দি ধৰাৰ পাচত এই আঘোণ মাহতে কৃষকৰ মনে শান্তি পায় ।

লহপহীয়া খেতিডৰা দেখি আনন্দেৰে মন ভৰে কৃষকৰ । কষ্টৰ ফল লাভ কৰাৰ আনন্দত আত্মহাৰা হৈ পৰে সকলো । কেৱল নগাঁৱৰ পথাৰতে নহয়, এতিয়া ৰাজ্যৰ বিভিন্ন স্থানৰ পথাৰত এই দৃশ্য দেখিবলৈ পোৱা গৈছে । শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ লগতে ধান চপোৱা কামো কৰিছে কৃষকসকলে ।

লগতে পঢ়ক:Farm Law বাতিলক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.