কলিয়াবৰ, 24 আগষ্ট: দোষ যাৰেই নহওক এতিয়া মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ঐক্যসাজ, জোতা আদিয়েও যেন ৰক্ষা কৰিবলৈ অসমৰ্থ ৰাজ্যৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক, মজলীয়া আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ অস্তিত্ব । বন্ধ হ’বলৈ ঘৰিছে ইখনৰ পাছত সিখন চৰকাৰী খণ্ডৰ বিদ্যালয় ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ কলিয়াবৰতো বহু চৰকাৰী খণ্ডৰ বিদ্যালয়ে শ্মশানমুখী যাত্ৰা আৰম্ভ কৰিছে(Govt schools to close at Kaliabor) ৷ কলিয়াবৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ ২৬ খন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ পুতৌ লগা হোৱাৰ বাবেই চৰকাৰে বিদ্যালয়কেইখন একত্ৰীকৰণ অথবা চামিলকৰণৰ জৰিয়তে অস্তিত্ব বিলোপ কৰাৰ বাবে অগ্ৰসৰ হৈছে(School amalgamation at Kaliabor) ।
মনকৰিবলগীয়া যে, বিলুপ্তকৰণ কৰিবলৈ লোৱা চাৰিখন বিদ্যালয়ত নামভৰ্তিকৰণ শূণ্য হোৱাৰ বিপৰীতে ১০ নং নসত্ৰ প্ৰাথমিক বিদ্যালয়ত ১৩ জন, শাকমুঠি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ১২ জন, মধ্য সৰুভগীয়া প্ৰাথমিক বিদ্যালয়ত ১৩ জন, ৬৮২ নং নলতলি প্ৰাথমিক বিদ্যালয়ত ২০ জন, ৭ নং বৰভগীয়া প্ৰাথমিক বিদ্যালয়ত ২০ জন, কুঁৱৰীটোল মোক্তাৱত ২০ জন, কুলিডোঙা প্ৰাথমিক বিদ্যালয়ত ১৬ জন ছাত্ৰ-ছাত্ৰীৰহে নামভৰ্তি হৈছে (Admission in govt school at Kaliabor)।
পৰ্যায়ক্ৰমে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হোৱা বিদ্যালয়সমূহ একত্ৰীকৰণ বা চামিলকৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে কলিয়াবৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই ।
লগতে পঢ়ক: অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগেৰে পথলৈ ওলাই আহিল মহিলা