কলিয়াবৰ, 18 জুলাই : কলিয়াবৰৰ সংবাদকৰ্মীৰ উমৈহতীয়া অনুষ্ঠান কলিয়াবৰ প্ৰেছ ক্লাবে গৌৰৱোজ্জ্বল ২৫ বছৰ সম্পূৰ্ণ কৰিলে (25th Foundation Day of Kaliabor Press Club) । আজিৰ পৰা প্ৰায় ২৫ বছৰ পূৰ্বে ১৯৯৭ চনৰ ১৭ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হৈছিল কলিয়াবৰ প্ৰেছ ক্লাব । দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ অন্ত পৰে ।
দেওবাৰে বিয়লি কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ জেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই । ভাষণ প্ৰসংগত বৰ্তমান সময়ৰ সংবাদ জগতৰ ঘাত-প্ৰতিঘাতৰ মাজতে সঠিক বাতৰি পৰিৱেশনৰ সুচাৰুৰূপে পালন কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । বৰ্তমান সময়ত সামাজিক মাধ্যমে সৃষ্টি কৰা প্ৰত্যহ্বানৰ মুখামুখী হৈ সংবাদ জগতখনক সক্ৰিয় কৰি ৰাখিবলৈ পেছাদাৰী সংবাদকৰ্মীসকলক আহ্বান জনায় ।
ইফালে, সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি নৱীন বৰঠাকুৰে কলিয়াবৰ সংবাদজগতৰ বাটকটীয়া অভিৰাম ভূঞা আৰু গোবিন্দৰাম ভূঞাৰ জীৱন সন্দৰ্ভত আলোকপাত কৰে । অৰুণোদয় কাকতত সংবাদ প্ৰেৰকৰূপে কলিয়াবৰীয়া সাংবাদিকতাৰ বাট মুকলি কৰি প্ৰায় আঠ-দহ বছৰ কাল ১৮৪৬ চনতে আমেৰিকান মিছনেৰীসকলৰ উদ্যোগত প্ৰকাশ পোৱা অৰুণোদয় কাকতত গোবিন্দৰাম ভূঞাক সশ্ৰদ্ধ সোঁৱৰণ কৰে নবীন বৰঠাকুৰে ।
বৃটিছৰ কালতে ছপাশাল প্ৰতিষ্ঠা কৰি কলিয়াবৰৰ পৰা ১৯২৭ চনৰ জানুৱাৰী মাহত 'অসমা' বাৰ্তালোচনী প্ৰকাশ কৰি কলিয়াবৰীয়া নাথন ব্ৰাউন উপাধিৰে বিভূষিত কৰি অভিৰাম ভূঞাৰ বৰ্ণময় জীৱনৰ ওপৰত আলোকপাত কৰি নবীন বৰঠাকুৰে কয় যে, ১৯২৯ চনৰ আগষ্ট মাহত বৃটিছ চৰকাৰৰ বিৰুদ্ধে বাতৰিৰোষত পৰি এহেজাৰ টকা জৰিমনাৰ লগতে চাৰিমাহৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পাছতে 'অসমা' বাৰ্তালোচনীৰ প্ৰকাশ বন্ধ হৈ পৰে ।
প্ৰথম দিনা প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি কলিয়াবৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় এখন সাংবাদিকতাৰ কৰ্মশালা(Workshop on Journalism) । কলিয়াবৰীয়া সাংবাদিকতাৰ বাটকটীয়া অভিৰাম ভূঞা আৰু গোবিন্দৰাম ভূঞাৰ সোঁৱৰণত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাখনত অংশ লয় বিভিন্ন স্থানৰ ৪০ গৰাকী ন-শিকাৰুৱে । কৰ্মশালাখনত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন আৰু বৈদ্যুতিন মাধ্যমৰ বাতৰি প্ৰতিষ্ঠান এন. কে. টিভিৰ বাতৰি পৰিৱেশক তথা প্ৰযোজক বিশ্বজ্যোতি শৰ্মাই ।
দুয়ো সমল ব্যক্তিৰ লগতে সহযোগিতা আগবঢ়াই সাংবাদিক ভাস্কৰ শইকীয়া আৰু স্থানীয় সাংবাদিক আশীস শইকীয়াই । কৰ্মশালাৰ অন্তত বাতৰি পৰিৱেশন আৰু বাতৰি লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
লগতে পঢ়ক : Covid-19 Vaccine Booster Shots: নগাঁৱত মোবাইল টিকাকৰণৰ জৰিয়তে ক'ভিড ১৯ৰ বুষ্টাৰ ড'জ প্ৰদান