ৰূপহীহাট, 15 মেঃ সুতিৰপাৰ বনবিভাগৰ লোকে জুৰীয়া দগাঁৱত অভিযান চলাই 13 টাকৈ দুস্প্ৰাপ্য কাম চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এক গোপন সুত্ৰৰ পম খেদি বন-বিভাগৰ লোকে বনৰীয়া চৰাই কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ৰূপহীহাটৰ জুৰীয়াৰ দগাঁৱত বন বিভাগৰ অভিযান। একাংশ চোৰাং চিকাৰীয়ে উক্ত অঞ্চলত দীৰ্ঘ দিনৰ পৰা বনৰীয়া চৰাই হত্যা কৰি অহাৰ খবৰ পাই আহিছিল বন বিভাগে ৷ এক গোপন সুত্ৰৰ পম খেদি বৃহস্পতি বাৰে নিশা চোৰাং চিকাৰীয়ে পথাৰত পতা জালৰ পৰা 13 টা কাম চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ লাওখোৱা অভয়াৰণ্যৰ অন্তৰ্গত সুতিৰপাৰ খণ্ড বন বিষয়া ছৰিফুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিযান। এতিয়া লৈকে কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বন-বিভাগৰ লোকে ৷
লগতে পঢ়ক- লখিমপুৰত প্ৰশাসনে বন্ধ কৰিলে দুখনকৈ হোটেল