ETV Bharat / state

ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথত বিকল 108 সেৱা

author img

By

Published : Jul 12, 2019, 5:38 PM IST

পুৱাৰে পৰা এম্বুলেঞ্চ বিকল হোৱা সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো ব্যৱস্থা কৰা নাই মেৰামতিৰ

ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথত বিকল 108 সেৱা

নগাঁও,12 জুলাইঃ এম্বুলেন্সৰ ভিতৰতে বহি মোবাইল পিটিকি সময় পাৰ কৰিছে ৰাজ্যৰ একাংশ 108 এম্বুলেন্সৰ কৰ্মচাৰীয়ে ৷ কাৰণ বিকল 108 এম্বুলেন্সে উন্মোচিত কৰিলে স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ। গুৰুতৰভাৱে অসুস্থ ৰোগীক তৎকালে চিকিৎসা প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছিল 108 জৰুৰীকালীন সেৱা। কিন্তু বৰ্তমান সময়ত শোচনীয় অৱস্থা হৈছে 108 এম্বুলেন্সৰ। এম্বুলেন্স সেৱা আৰম্ভ কৰা দিনৰ পৰা আজিৰ তাৰিখলৈ সেই সময়তে ক্ৰয় কৰা গাড়ীৰে চলি আছে জৰুৰীকালীন সেৱা। ফলত ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথতে স্তব্ধ হৈ পৰে আওপুৰণি এম্বুলেন্স ৷

ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথত বিকল 108 সেৱা

শুকুৰবাৰে পুৱা নগাওঁ চহৰৰ ৰত্নপুৰৰ এগৰাকী অসুস্থ বৃদ্ধাক আনিবলৈ গৈ আধাবাটতে বিকল হৈ পৰে এই 108 এম্বুলেঞ্চখন। ৰাজপথৰ মাজতে বিকল হৈ পৰা এইখন 108 খন ৰাজপথৰ মাজৰ পৰা ৰাইজে ঠেলি আতৰাবলগীয়া হয়। ৰোগী কঢ়িয়াবলৈ গৈ থকা অৱস্থাতে 108 এম্বুলেন্সখন বিকল হৈ পৰাত বৃদ্ধাগৰাকীক নিজা খৰচত চিকিৎসালয়লৈ নিয়া বুলি জানিব পৰা গৈছে। পুৱাৰে পৰা এম্বুলেন্সখন বিকল হোৱা সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো এই পৰ্যন্ত ব্যৱস্থা কৰা নাই মেৰামতিৰ। যাৰ বাবে এতিয়া এম্বুলেঞ্চখনতে বহি মোবাইল টিপি সময় পাৰ কৰিছে কৰ্মচাৰীয়ে।

Intro:ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা। ৰোগী কঢ়িয়াবলৈ যোৱা 108 বিকল হল আধাবাটতে। গুৰুতভাৱে অসুস্থ এগৰাকী বৃদ্বাক আনিবলৈ গৈ ৰাজপথৰ কাষতে ৰৈ থাকিবলগীয়া হল 108 এম্বুলেঞ্চ। কৰ্তৃপক্ষৰ সৈতে মোবাইলত যোগাযোগ কৰাত ব্যস্ত চালক আৰু কৰ্মচাৰী।

Body:মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা পুনৰ উন্মোচিত হল নগাঁৱত। এখন বিকল 108 এম্বুলেঞ্চ য়ে উন্মোচন কৰিলে স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ। গুৰুতৰভাৱে অসুস্থ ৰোগীক তৎকালে চিকিসাৰ ব্যৱস্থা কৰিবলৈয়ে আৰম্ভ কৰিছিল জৰুৰীকালীন সেৱা 108 এম্বুলেঞ্চ। কিন্তু এতিয়া যেন2গুৰুতৰ অৱস্থা হৈ পৰিছে 108 এম্বুলেঞ্চৰেই। কেবাবছৰ পূৰ্বে এই সেৱা আৰম্ভ কৰাৰ সময়তে ক্ৰয় কৰা গাড়ীৰে আজিও চলি আছে এই সেৱা। যাৰ ফলত আওপুৰণি গাড়ীয়েই এতিয়া ৰাজপথত ৰৈ থাকিব লগীয়া হৈছে ৰোগী কঢ়িয়াবলৈ গৈ। এনে এক ঘটনাই সংঘটিত হৈছে নগাঁৱত। শুক্ৰবাৰে পুৱা নগাওঁ চহৰৰ ৰত্নপুৰৰ গুৰুতভাৱে অসুস্থ এগৰাকী বৃদ্বাক আনিবলৈ গৈ আধাবাটতে বিকল হৈ পৰে এইখন 108 এম্বুলেঞ্চ। ৰাজপথৰ মাজতে বিকল হৈ পৰা এইখন 108 ৰাইজে ঠেলি আঁতৰাবলগীয়া হয় ৰাজপথৰ মাজৰ পৰা। ৰোগী কঢ়িয়াবলৈ গৈ থকা অৱস্থাতে 108 এম্বুলেঞ্চখন বিকল হৈ পৰাত বৃদ্বাগৰাকীক নিজা খৰচত চিকিৎসালয়লৈ নিয়া বুলি জানিব পৰা গৈছে। পুৱাৰে পৰা এম্বুলেঞ্চখন বিকল হোৱা সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো এই পৰ্য্যন্ত ব্যৱস্থা কৰা নাই মেৰামতিৰ।
bite

Conclusion:যাৰ বাবে এতিয়া এম্বুলেঞ্চখনতে বহি মোবাইল টিপি সময় পাৰ কৰিছে কৰ্মচাৰীয়ে।
----------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১২-৭-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.