ETV Bharat / state

ধিঙত নতুনকৈ 10 জনৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি

author img

By

Published : Apr 19, 2021, 9:44 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে । এতিয়া কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শ শ যুৱক ঘুৰি আহিছে স্বগৃহলৈ ৷ কিন্তু ক’ভিড প্ৰট’কল পালন নকৰা একাংশ যুৱকৰ আগমনে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি কৰাৰ আশংকাই বিৰাজ কৰিছে ৷

10-people-found-covid-positive-in-dhing
ধিঙত নতুনকৈ 10জনৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি

চামগুৰি,19 এপ্ৰিল: সমগ্ৰ দেশতে কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে । কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ইজনৰ পিছত সিজন লোক । ঠায়ে ঠায়ে মৃতকৰ সৎকাৰৰ বাবেও নোহোৱা হৈছে ঠাই । কিন্তু তাৰ পাছতো যেন গা-লৰা নাই সমাজৰ একাংশ লোকৰ । একাংশ অসচেতন লোকে এতিয়া মাস্কবিহীনভাৱেই চলা-ফুৰা কৰিছে ৰাজহুৱা স্থানত ।

10-people-found-covid-positive-in-dhing
ধিঙত নতুনকৈ 10জনৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি

কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শ শ যুৱক এতিয়া ঘুৰি আহিছে স্বগৃহলৈ ৷ কিন্তু ক’ভিড প্ৰট’কল পালন নকৰা একাংশ যুৱকৰ আগমনে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি কৰাৰ আশংকাই বিৰাজ কৰিছে ৷ যিটো সময়ত ৰাজ্য চৰকাৰে মাস্ক পৰিধান নকৰা লোকৰ পৰা 1000 টকাকৈ জৰিমনা আদায় কৰিছে ৷ তেনেহেন সময়ত কিন্তু আন একাংশই চৰকাৰৰ উক্ত নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে ৷ এনে একাংশ লোকৰ বাবেই যেন এতিয়া কৰ’ণাৰ সংক্ৰমণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷

ধিঙত নতুনকৈ 10জনৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি

নগাঁও জিলাৰ ধিঙতো দৈনিক বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা । বৰ্তমানলৈকে ধিং এফআৰইউত ক’ভিড এণ্টিজেন টেষ্টত দহগৰাকী লোকৰ শৰীৰত ধৰা পৰিছে ক'ৰণা ভাইৰাছৰ অৱস্থিতি । ইয়াকে লৈ এতিয়া ধিং অঞ্চলত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাই বিৰাজ কৰিছে ৷ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ বাৰম্বাৰ আহ্বানৰ পাছতো ক’ভিড প্ৰট’কল পালন নকৰা লোকসকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি যে অধিক ভয়ংকৰ হৈ পৰিব সেয়া নিশ্চিত ৷

10-people-found-covid-positive-in-dhing
ধিঙত নতুনকৈ 10জনৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি

লগতে পঢ়ক : ৰাজ্যত বৰ্তমানলৈ ১,১২৯ গৰাকী লোকৰ ক’ভিডত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.