ETV Bharat / state

Zubeen Garg Program in Morigaon : জুবিন গাৰ্গৰ অনুষ্ঠানত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি - মৰিগাঁও দিৱস

মৰিগাঁও দিৱস উপলক্ষে নিশা ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (Cultural night of Zubeen Garg in Morigaon)। অনুষ্ঠানৰ মাজতে একাংশ দৰ্শকৰ উদ্ভণ্ডালি । চকী, মেজ ভাঙি লণ্ডভণ্ড । উত্তেজিত দৰ্শকক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচালনা ।

Morigaon
জুবিন গাৰ্গৰ অনুষ্ঠানত পুনৰ হুলস্থূল
author img

By

Published : Oct 16, 2022, 11:02 AM IST

মৰিগাঁও, ১৬ অক্টোবৰ : সংগীতশিল্পী, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত পুনৰ সৃষ্টি হ’ল অপ্ৰীতিকৰ পৰিস্থিতিৰ (Tense situation at Zubeen Garg program)৷ এইবাৰৰ ঘটনাৰ স্থান মৰিগাঁও ৷ শনিবাৰে নিশা মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত সৃষ্টি হ’ল এক বিশৃংখল পৰিস্থিতিৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁও জিলা দিৱসৰ (Morigaon District Day) লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও ৰাইজৰ সহযোগত নিশা আয়োজন কৰা হৈছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত এটাৰ পিছত আনটো গীতেৰে মোহাচ্ছন্ন কৰি ৰাখিছিল শিল্পীগৰাকীয়ে (Zubeen Garg cultural night in Morigaon)৷ কিন্তু তাৰ মাজতে একাংশ অনুৰাগীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । একাংশ অনুৰাগীৰ মাৰপিটৰ ঘটনাও সংঘটিত হয় । একাংশ উদণ্ড যুৱকে চকী আৰু বিভিন্ন আচবাব ভাঙি লণ্ডভণ্ড কৰে ।

ফলস্বৰূপে উপস্থিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । আৰক্ষীৰ লাঠিচালনাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে (Police lathi charge in Morigaon)। এই ঘটনাত কেইবাগৰাকীও মহিলা অনুৰাগী আহত হয় । যাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় মৰিগাঁৱত ।

উল্লেখ্য যে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা মৰিগাঁৱৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই । ষ্টেডিয়ামতে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আন আন বিভাগসমূহৰ দৰে স্বাস্থ্য বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত সংগ দিয়ে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । উল্লেখ্য যে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বুলি ক'লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ গীত উপভোগ কৰিবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ আগমন হয় ।

ফলস্বৰূপে প্ৰায়ে শিল্পীগৰাকীৰ অনুষ্ঠানত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । শেহতীয়াকৈ ৰঙালী বিহুৰ অনুষ্ঠানটো কেইবাটাও স্থানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল । শনিবাৰেও মৰিগাঁৱত অনুৰূপ ঘটনা সংঘটিত হোৱাত একাংশ সচেতন নাগৰিকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উদণ্ড অনুৰাগীক সমালোচনাও কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক:Morigaon District Day : দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.