ETV Bharat / state

Youth committed suicide: প্ৰেয়সীৰ প্ৰতাৰণা; অন কেমেৰা চিপ লৈ মৃত্যু যুৱকৰ

author img

By

Published : Jul 20, 2023, 8:09 PM IST

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পটুৱাকাটাত প্ৰেমে প্ৰাণ ল’লে এজন যুৱকৰ ৷ অন কেমেৰা আত্মহত্যা কৰিলে এজন যুৱকে ৷

Youth committed suicide for love on camera in Morigaon
অন কেমেৰা চিপ লৈ মৃত্যু যুৱকৰ

অন কেমেৰা চিপ লৈ মৃত্যু যুৱকৰ

মৰিগাঁও, 20 জুলাই : "তুমি মোক তোমাৰ স্বামীৰ বাবে যোগ্য নহয় বুলি কৈছিলা, তুমি যদি মোক সচাঁকৈ বিচাৰিলা হয় তেনেহ’লে এইবোৰ কথা নক’লা হয় ৷ তুমি মোৰ লগত এনেকুৱা কিয় কৰিলা..." মৃত্যুৰ পূৰ্বে কেমেৰাত ৰেকৰ্ড কৰি এই কথা প্ৰকাশ কৰে ৰশ্বিদুল ইছলামে ৷

প্ৰেমক স্বৰ্গীয় অনুভূতি বুলি কয় ৷ কিন্তু এই প্ৰেমত যেতিয়া প্ৰতাৰণা হয় তেতিয়া প্ৰেম হৈ পৰে ঘাতকস্বৰূপ ৷ এইবাৰ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পটুৱাকাটাত প্ৰেমে প্ৰাণ ল’লে এজন যুৱকৰ ৷ অন কেমেৰা আত্মহত্যা কৰিলে এজন যুৱকে ৷

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় দুই বছৰ ধৰি এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল ৰশ্বিদুল ইছলাম (27) নামৰ এজন যুৱকৰ৷ ৰশ্বিদুল ইছলামৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত পটুৱাকাটাত ৷ দুয়ো একেলগে বহু সময় কটাইছিল গুৱাহাটীত৷ কিন্তু দিন বাগৰি অহাৰ লগে লগে দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল ৷ এই কাজিয়াৰ পিচতে যুৱকজনে নিজৰ বুকুত আৰু হাতত যুৱতীগৰাকীৰ নাম লিখি লৈছিল ৷ এই কথা ঘৰৰ লোকেও গম পাইছিল ৷

অৱশেষত যুৱকজনে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেম প্ৰতাৰণা কৰি যোৱাৰ বাবে চৰম পন্থা হাতত লয় ৷ যুৱকজনে চিপ লৈ আতত্মহননৰ পথ বাচি লয় ৷ মৃত্যুৰ পূৰ্বে তেওঁ সকলো কথা মোবাইলত ৰেকৰ্ড কৰি কৈ থৈ যায় ৷ মৃত যুৱকজনে নিজৰ হাত আৰু বুকুত ছোৱালী জনীৰ নাম জিনি বুলি লিখি থৈ যায় ৷

এই ঘটনাই সমগ্ৰ লাহৰীঘাটত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে ঘটনাথলীত স্থানীয় আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ যুৱকজনৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ যুৱকজনৰ অকাল মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক ৷

লগতে পঢ়ক: BERNIE BRIDGE CASE : বাৰ্ণি ব্ৰীজ গোচৰৰ মুখ্য অভিযুক্ত জুবেইৰ আহমেদক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.