ETV Bharat / state

ক্ষুধাৰ তাড়ণাত মাছ ধৰি পৰিয়াল পুহিছে আনাৰ হুছেইনে

author img

By

Published : May 26, 2021, 10:47 AM IST

Updated : May 26, 2021, 1:22 PM IST

আংশিক লকডাউনে জটিল সমস্যাৰ সৃষ্টি কৰিলে এগৰাকী কিশোৰ তথা তেওঁৰ পৰিয়ালৰ জীৱনত ৷ দুবেলা দুমুঠি খাবলৈ সমস্যাৰ সন্মুখীন হৈ মাছ বেপাৰীক মাছ ধৰি দি পৰিয়ালৰ দায়িত্ব লৈছে কিশোৰ গৰাকীয়ে ৷

young boy taking responsibility of family due to mini lock down
খেল ধেমালিৰ বয়সত মাছ ধৰি পৰিয়ালৰ দায়িত্ব পালন কৰিছে কিশোৰে

ধিং,26 মে’: কৰ’ণা মহামাৰী সৃষ্ট আংশিক লকডাউনে শ্ৰমজীৱি লোক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে সৃষ্টি কৰিছে বিড়ম্বনাৰ ৷ এফালে, মহামাৰীৰ পৰা অহা জীৱনৰ ভাবুকি আনফালে, পেটৰ তাড়না ৷ এনে এক উদাহৰণ হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লেংৰিবৰী গাঁও পঞ্চায়তৰ চহৰীয়া পাম ৮ নং ৱাৰ্ডৰ ষষ্ঠমান শ্ৰেণীত পঢ়া কিশোৰ আনাৰ হুছেইন ৷ পৰিয়াল বুলিবলৈ আনাৰৰ ঘৰত আছে মাক আৰু তিনিজনী ভনীয়েক ৷

প্ৰায় পাঁচবছৰ আগতে এক দুৰ্ঘটনাত দেউতাক আছাদুল ইছলামৰ মৃত্যু হৈছিল ৷ পৰিয়ালৰ এক মাত্ৰ উপাৰ্জনকাৰী গৰাকীৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱাত আনাৰৰ মাতৃয়ে মানুহৰ ঘৰত কাম বন কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আছিল ৷ কিন্তু, কৰ’ণা মহামাৰী ৰোধ কৰিবৰ বাবে চৰকাৰে দিয়া আংশিক লকডাউনৰ ফলত পৰিয়ালটোৱে এতিয়া দুবেলা দুমুঠি খাবলৈও সমস্যাৰ সন্মুখীন হৈছে ৷ ঘৰখনৰ এই অৱস্থা সহ্য কৰিব নোৱাৰি কিশোৰ আনাৰে প্ৰতিবেশী মাছ বেপাৰীৰ কাষ চাপে আৰু এশ টকাৰ বিনিময়ত পুখুৰীত মাছ ধৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সিদ্ধান্ত মৰ্মে কিশোৰ আনাৰে মাছ ধৰি বেপাৰীৰ পৰা পোৱা এশ টকাৰে ঘৰত খাবলৈ বজাৰ কৰি লৈ যায় ৷

আনাৰ হুছেইনৰ এই মাছ ধৰাৰ দৃশ্য প্ৰত্যক্ষ কৰা সাংবাদিকক কিশোৰ জনে সন্মুখীন হোৱা জীৱন সংগ্ৰামৰ সৈতে জড়িত সমস্যা সমূহৰ কথা ব্যক্ত কৰে ৷ অতি দুৰ্ভাগ্যজনক ঘটনা যে, যি বয়সত আনাৰৰ দৰে কিশোৰে খেলধেমালি কৰি দিন কটাই তেনে সময়তে কণমানি আনাৰ হুছেইনে পৰিয়ালৰ দুমুঠি খাদ্য যোগানৰ দায়িত্ব ল’ব লগীয়া হৈছে। আংশিক লকডাউনৰ কালত সমগ্ৰ অসমত এতিয়া হয়তো বহু আনাৰ হুছেইনৰ সৃষ্টি হৈছে ৷ এই সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰ তথা জন প্ৰতিনিধি সকলে কি ব্যৱস্থা লয় এতিয়া সেইয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :কৃত্ৰিম বানত বুৰিল ৰঙিয়াৰ মুৰাৰা অঞ্চল

Last Updated : May 26, 2021, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.