ETV Bharat / state

World Leprosy Day 2023 : কুষ্ঠৰোগ নিৰাময় সন্দৰ্ভত মৰিগাঁৱত সজাগতা সমদল বাহিৰ

author img

By

Published : Jan 30, 2023, 7:26 PM IST

কুষ্ঠৰোগ এক ব্যাধি ৷ এই ব্যধি নিবাৰণ কৰাৰ হেতুকে মৰিগাঁৱত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত সোমবাৰে বিশ্ব কুষ্ঠৰোগ নিবাৰণ দিৱস পালন কৰা হয় (World Leprosy Day observe in Morigaon) ৷ আনকি এই দিৱস উপলক্ষে চহৰখনৰ মাজ মজিয়াত এক সজাগতা সমদলো বাহিৰ কৰা হয় (Awareness Rally of Leprosy in Morigaon) ৷

World Leprosy Day 2023 observe in Morigaon
কুষ্ঠৰোগ সমাজৰ এক ব্যাধি

কুষ্ঠৰোগ সমাজৰ এক ব্যাধি

মৰিগাঁও, 30 জানুৱাৰী : বিশ্বজুৰি কুষ্ঠ ৰোগ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লক্ষৰে প্ৰতি বছৰে জানুৱাৰী মাহৰ শেষৰ দেওবাৰে আন্তঃৰাষ্ট্ৰীয় কুষ্ঠ দিৱস পালন কৰা হয় (World Leprosy Day 2023) । এইবাৰ ২৯ জানুৱাৰীত এই বিশেষ অনুষ্ঠানটি পালন কৰা হৈছে । এই দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে মৰিগাঁও জিলা প্ৰশাসন, আৰক্ষী বিভাগ, জিলা স্বাস্থ্য বিভাগৰ আৰু জিলা কুষ্ঠৰোগ নিৰাময় বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এক অনুষ্ঠানৰ (World Leprosy Day observe in Morigaon)৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁও চহৰত এক সজাগতা পদযাত্ৰাৰ কাৰ্যসূচীও ৰূপায়ন কৰা হয় (Awareness Rally of Leprosy in Morigaon)। ইয়াৰ সমান্তৰালকৈ কুষ্ঠৰোগৰ কাৰণ, ইয়াৰ চিকিৎসা আৰু সমাজত কুষ্ঠৰোগীসকলক লৈ থকা মানসিকতা সন্দৰ্ভত মাইক্ৰ’ফোনৰ জৰিয়তে বৰ্ণনা কৰি ৰাইজক সজাগ কৰি তোলে ।

আনকি এই ৰোগ বিধৰ প্ৰতি সমাজত থকা কৌটিকলীয়া অন্ধবিশ্বাস দূৰীকৰণৰ সমদলত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ আশাকৰ্মীসকলেও বিভিন্ন শ্ল’গান দি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে ৷ এওঁলোকৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু এএনএম, জি এন এম, অংগনবাদী কৰ্মীসকলেও এই ৰেলীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Assam Cabinet in Dibrugarh: মুখ্যমন্ত্ৰীক লগ নাপাই হিয়াভঙা কান্দোন বিশেষভাৱে সক্ষম যুৱতীৰ

উল্লেখ্য যে, মৰিগাঁৱত আয়োজন কৰা বিশ্ব কুষ্ঠ ৰোগৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে ৷ মৰিগাঁও আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে উপস্থিত থাকে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠকৰ লগতে কেবাগৰাকীও স্বাস্থ্য বিষয়া ।

আনহাতে, এই ৰেলীৰ অন্তত মৰিগাঁও জিলা শ্বহীদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণৰ এএন এম প্ৰশিক্ষণ কেন্দ্ৰত আশাকৰ্মী, অংগনবাদী কৰ্মীসকলকলৈ অনুষ্ঠিত কৰা হয় কুষ্ঠৰোগ নিবাৰণ আৰু সামাজিক সজাগতা শীৰ্ষক এক বিশেষ প্ৰশিক্ষণ । এই প্ৰশিক্ষণত কেবাগৰাকী সমৰ ব্যক্তিৰ লগতে মৰিগাঁও ছহীদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সোণেশ্বৰ দেওৰজাই কুষ্ঠৰোগৰ সন্দৰ্ভত বিশেষ আলোচনা আগবঢ়াই ।

আনকি এই অনুষ্ঠানতে লুইত পৰীয়া সংঘই আগবঢ়োৱা দুখনকৈ হুইল চেয়াৰ ৰোগীৰ কঢ়িওৱাৰ বাবে আনুষ্ঠানিকভাৱে প্ৰদান কৰে । এই কাৰ্যসূচীত অংশ লয় লুইতপৰীয়া সংঘৰ বিষয়-ববীয়াসকলো । উক্ত অনুষ্ঠানটিৰ আঁতধৰে মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ কুষ্ঠৰোগ নিবাৰণ বিভাগৰ নডেল বিষয়া ডাঃ জয়াপ্ৰভা বড়োৱে ।

লগতে পঢ়ক : World Leprosy Day 2023: কলংক নহয় বৰঞ্চ এক ৰোগহে কুষ্ঠৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.