ETV Bharat / state

Morigaon Mob lynching case: ছাদ্দাম হুছেইনৰ পত্নীয়ে বিচাৰিছে ফাঁচী - morigaon mob lynching victim

আঁহতগুৰিত সংঘটিত গণ প্ৰহাৰ কাণ্ডত জড়িত ৪৩ জন অভিযুক্তৰ বিৰুদ্ধে শনিবাৰে ধৰমতুল আৰক্ষী থানাত এজাহাৰ দাখিল নিহত ছাদ্দাম হুছেইন ভাতৃৰ ৷ ছাদ্দাম হুছেইনৰ পত্নী আছমিনা খাতুনে স্বামীৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী তুলিছে ৷

Morigaon Mob lynching case Update
দোষীক ফাঁচীৰ দাবী
author img

By

Published : Jul 30, 2023, 9:32 AM IST

গণ প্ৰহাৰ কাণ্ডত জড়িত ৪৩ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল নিহত চাদ্দাম হুছেইন ভাতৃৰ

মৰিগাঁও, 30 জুলাই : মৰিগাঁৱৰ আঁহতগুৰিত সংঘটিত গণ প্ৰহাৰ কাণ্ডত জড়িত বৰ আঁহতগুৰি গাঁৱৰ ৪৩ জন অভিযুক্তৰ বিৰুদ্ধে শনিবাৰে ধৰমতুল আৰক্ষী থানাত এজাহাৰ দাখিল নিহত ছাদ্দাম হুছেইন ভাতৃ আনোৱাৰ হুছেইনৰ ৷ শনিবাৰে ধৰমতুল আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অভিযুক্ত সকল ক্ৰমে কলিয়া দাস, বাবু দাস, ধনেশ্বৰ দাস, হৰি দাস, বীৰেণ দাস, যগেশ্বৰ দাস, বদন দাস, দেকোতা দাস, চিআৰশি দাস, কামিনি দাস, ৰঞ্জিত দাস, সন্তৰ সিং দাস, বুলবুলি দাস, নগেন দাস, বীৰেণ দাস, প্ৰবীণ দাস, জ্ঞাতি দাস, ভোগৰাম দাস, ইন্দ্ৰ দাস, তৰা দাস, গণেশ দাস, জয়চন্দ্ৰ দাস, গোৰাবৰ দাস, লক্ষেশ্বৰ দাস, ৰঞ্জিত দাস, ৰাজু দাস, দহা দাস, ধন দাস, ভাৰত দাস, প্ৰণৱ দাস, অনিল দাস, বজত দাস, ভৱ দাস, মহন দাস, অজিদ দাস, জিতু দাস, পাপু দাস, পমেশ্বৰ দাস, উমেশ দাস, শিৱ দাস, বদি দাস, ৰঞ্জিত দাস আৰু বেদা দাস বুলি জানিব পৰা গৈছে ৷

ইফালে নিহত ছাদ্দাম হুছেইনৰ পত্নী আছমিনা খাতুনক পঁচিশ লাখ টকাৰ ক্ষতিপপূৰণ দিয়াৰ লগতে দোষীক ফাঁচী দিয়াৰ দাবী পৰিয়ালৰ ৷ লগতে আঁহতগুৰিত সংঘটিত গণ প্ৰহাৰত নিহত হোৱা ছাদ্দাম হুছেইনৰ পত্নী আছমিনা খাতুনে স্বামীৰ হত্যাকাৰীৰ ফাঁচী হ’ব লাগে বুলি দাবী কৰিছে ৷

হত্যাকাৰী বা অপৰাধীৰ কোনো ধৰ্ম নাই, মুখ্যমন্ত্ৰী গৰাকীয়ে গোলাঘাট হত্যাকাণ্ডৰ যেনেকৈ ক্ষীপ্ৰতাৰে দোষীক শাস্তি প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেকৈ মৰিগাঁৱৰ বৰ আঁহতগুৰিত সংঘটিত হোৱা গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত অপৰাধীক শাস্তি প্ৰদান কৰিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান স্থানীয় ৰাইজৰ ৷

উল্লেখযোগ্য যে, 24 জুলাইত মৰিগাঁও জিলাৰ আঁহতগুৰিত নিশাৰ ভাগত সংঘটিত হৈছিল গণ প্ৰহাৰৰ ঘটনা ৷ এই নৃশংস ঘটনাত গৰু চোৰৰ সন্দেহত কাবাডী খেল চাবলৈ যোৱা কেইজনমান যুৱকক স্থানীয় লোকে অতি বৰ্বৰভাৱে আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণত ছাদ্দাম হুছেইন নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল আন দুজন যুৱক ৷ ইতিমধ্যে আহত দুজন যুৱক চিকিৎসাধীন হৈ আছে ৷ এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক : Tinsukia Sexsual Assaualt: তিনিচুকীয়া চহৰত সংঘটিত এক লজ্জাজনক ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.