মৰিগাঁও, 12 ছেপ্তেম্বৰ: ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ সৈতে এক বিজ্ঞাপনত অভিনয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা উৰ্মিলা মহন্তই ৷ হিন্দী বোলছবি জগতৰ প্ৰায় সকল অভিনেতা-অভিনেত্ৰীৰ সৈতে ভিন্ন বিজ্ঞাপনত অভিনয় কৰিছে উৰ্মিলা মহন্তই ৷ উল্লেখ্য যে, বিগত ১৫ আগষ্টত প্ৰকাশিত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ 'একুৰি জীৱন একুৰি কফিন’ শীৰ্ষক কবিতা হিন্দীলৈ অনুবাদ কৰাৰ লগতে, আবৃত্তি কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল অসম কন্যা গৰাকীয়ে ৷
ভাৰতীয় ক্ৰিকেট জগতৰ হিটমেনখ্যাত ৰোহিত শৰ্মাৰ সৈতে অভিনয় কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত হৈ পৰা অভিনেত্ৰী গৰাকীয়ে পূৰ্বতেও মেগী, নেচকেফে আদিৰ জনপ্ৰিয় বিজ্ঞাপনত নিজ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰিছে ৷ বিগ বি অমিতাভ বচ্চন, অক্ষয় কুমাৰ, নাছিৰুদ্দিন শ্বাহ, সোনম কাপুৰ, সোণাক্ষী সিনহাকে আদিকে ধৰি বলীউডৰ বহু তাৰকাৰ সৈতেও অভিনয় কৰাৰ সুযোগ লাভ কৰা অভিনেত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
চুপাৰহিট বঙালী ছবি "চিৰদিনই তুমি যে আমাৰ" ছবিৰ লগতে কেইবাখনো হিন্দী ছবিত অভিনয় কৰা অভিনেত্ৰী গৰাকী সম্প্ৰতি মায়ানগৰীত স্বপ্ৰতিভাৰে সুপ্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক: সুধাকণ্ঠৰ বিশাল ছবি অংকনেৰে বিহপুৰীয়াৰ মিঠুৰাজৰ চমক