ETV Bharat / state

মৰিগাঁৱত পকী দলং নিৰ্মাণৰ নামত অনিয়ম

মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত সোনডোবা-বৰালিমাৰী সংযোগী পথটোত সাত বছৰ পূৰ্বে নিৰ্মাণ কৰা দলং বৰ্তমানেও নহ'ল সম্পূৰ্ণ । দলং নিৰ্মাণৰ দাবী জনায় অঞ্চলবাসীয়ে ।

author img

By

Published : Jun 28, 2019, 9:10 PM IST

Updated : Jun 29, 2019, 1:37 PM IST

মৰিগাঁৱত পকী দলং নিৰ্মাণৰ নামত অনিয়ম

মৰিগাঁও,২৮জুন : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত পকী দলং নিৰ্মাণৰ নামত অনিয়ম। ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত সোনডোবা-বৰালিমাৰী সংযোগী পথটোত চাৰিখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল সাত বছৰ পূৰ্বে । কিন্তু বৰ্তমানেও দলংকেইখনৰ কাম সম্পূৰ্ণ হোৱা নাই। মৰিগাঁৱৰ যাদৱ কোৱৰ নামৰ ঠিকাদাৰজনে দলংকেইখনৰ ঠিকাৰ কাম লাভ কৰিছিল। কিন্তু ঠিকাদাৰজনে দলংখনৰ কাম আধৰুৱা কৰি থয়। যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিব লগীয়া হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰোগীসকলেও বহু অসুবিধাৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজে ঠিকাদাৰজনক এই কামৰ পৰা আতৰাই অৰ্ধ নিৰ্মিত দলংকেইখনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।

Intro:ভূৰাগাঁৱত পকী দলং নিৰ্মাণৰ নামত অনিয়মBody:মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত সোনডোবা-বৰালিমাৰী সংযোগী চাৰিটা পকী দলঙৰ নিৰ্মাণৰ কাম সাত বছৰ আগতেই আৰম্ভ হৈছিল যদিও আজিলৈকে দলংকেইখনৰ কাম সম্পূৰ্ণ নহল।মৰিগাঁৱৰ যাদৱ কোৱৰ নামৰ ঠিকাদাৰে ঠিকা লাভ কৰি দলংকেইখনৰ কাম আৰম্ভ কৰিছিল যদিও ৰসহ্যজনক ভাবে কাম সম্পূৰ্ণ নকৰি অৰ্ধ নিৰ্মিতভাৱে পেলাই থয়। যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত চৰম যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰোগীসকলৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।ভোক্তভোগী ৰাইজে ঠিকাদাৰজনক অতি শীঘ্ৰে ব্লেক লিষ্টেট কৰি অৰ্ধ নিৰ্মিত দলংকেইখনৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্বৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।Conclusion:null
Last Updated : Jun 29, 2019, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.