ETV Bharat / state

Girls Rescued in jagiraod: জাগীৰোড আৰক্ষীৰ জালত তিনি অপহৰণকাৰী - জাগীৰোড আৰক্ষী

জাগীৰোড আৰক্ষীৰ জালত তিনি অপহৰণকাৰী ৷ জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন প্ৰকাশ তিৱাৰীৰ নেতৃত্বত চলোৱা অভিযানত অপহৰণকাৰী তিনিটাক আটক কৰাৰ লগতে উদ্ধাৰ যুৱতী দুগৰাকীক ৷

Two Abducted Girls From Tezpur Rescued
জাগীৰোড তিনি অপহৰণকাৰীক আটক
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 6:26 PM IST

আৰক্ষীৰ জালত তিনি অপহৰণকাৰী

মৰিগাঁও, 18 অক্টোবৰ : জাগীৰোড আৰক্ষীৰ জালত তিনিটা অপহৰণকাৰী ৷ তেজপুৰৰ পৰা বহিঃৰাজ্যত বিক্ৰি কৰিবলৈ দুগৰাকী যুৱতীক অপহৰণ কৰি আনিছিল তিনিটা দুৰ্বৃত্তই ৷ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড বাবুল আলীৰ নেতৃত্বত অপহৰণ কৰি আনিছিল তেজপুৰৰ দুই যুৱতীক ৷

পৰৱৰ্তী সময়ত জাগীৰোড আৰক্ষীৰ জালত পৰে অপহৰণকাৰী তিনিটা ৷ জানিব পৰা মতে তেজপুৰৰ পৰা বহিঃৰাজ্যত বিক্ৰি কৰিবলৈ দুগৰাকী যুৱতীক অপহৰণ কৰি আনিছিল দুৰ্বৃত্ত তিনিটাই ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জনৈক আলী উপাধিৰ এজন ফাৰ্মাচিষ্ট এই অপহৰণকাণ্ডত জড়িত বুলি জানিব পৰা গৈছে ৷ AS 28 A 5215 নম্বৰৰ এখন বাহনেৰে মায়ঙলৈ অপহৃত যুৱতী দুগৰাকীক লৈ যোৱাৰ সময়তে জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন প্ৰকাশ তিৱাৰীৰ নেতৃত্বত চলোৱা অভিযানত অপহৰণকাৰী তিনিটাক আটক কৰাৰ লগতে উদ্ধাৰ কৰে যুৱতী দুগৰাকীক ৷

লগতে পঢ়ক : Boat game in Dhubri: ধুবুৰীত নাও খেলত অঘটন,কথমপি প্ৰাণৰক্ষা শতাধিকৰ

অপহৰণকাণ্ডৰ মাষ্টাৰ মাইণ্ড আটকাধীন ঢেকিয়াজুলিৰ বাবুল আলী, গাড়ীচালক বচিৰ আহমেদ আৰু মৈৰাবাৰীৰ জনৈক আলী উপাধিৰ এজন ফাৰ্মাচিষ্ট ৷ মায়ঙৰ নেপাল নামৰ এজন বেজৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰে অভিযুক্ত বাবুল আলী আৰু ফাৰ্মাচিষ্টজনক ৷ নিশাই জাগীৰোড আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ লগতে তিনি অপহৰণকাৰীক চমজাই দিয়ে ঢেকিয়াজুলি আৰক্ষীক ৷ জব্দকৃত বাহনখনৰ পৰা আৰক্ষীয়ে সুৰাৰ বটলো উদ্ধাৰ কৰে ৷ সমগ্ৰ ঘটনাত এটা বৃহৎ চক্ৰ জৰিত থকাৰ সন্দেহ আৰক্ষীৰ ৷

উল্লেখ্য যে, তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰা মঙলবাৰে দিন দুপৰতে দুগৰাকী যুৱতীক অপহৰণ কৰিছিল তিনি দুৰ্বৃত্তই ৷ তিনি যুৱকে এখন গাড়ীৰে অপহৰণ কৰিছিল যুৱতী দুগৰাকীক ৷

লগতে পঢ়ক : Crime in Barpeta:হাউলীত পিষ্টলসহ গ্ৰেপ্তাৰ দুই দুধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.