ধিং,17 জুন: ধিঙৰ ভেৰভেৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ ঘৰৰ ওচৰৰ পুখুৰীত পৰি দুটি কনমানিয়ে কৰুণ ভাৱে মৃত্যুক সাৱতি লোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে ভেৰভেৰী অঞ্চলত ৷ ঘটনা অনুসৰি, একেটা পৰিয়ালৰে দুই ভাতৃ নবী হুছেইন আৰু নুৰ হুছেইনৰ দুই কন্যা সন্তানে বৃহস্পতিবাৰে পুৱা ঘৰৰ সন্মুখতে খেলি থকা অৱস্থাত সমীপৰ পুখুৰীত পৰি যায় ৷ বহু সময় ধৰি দুই কনমানিক পৰিয়ালৰ লোকে বিচাৰি নোপোৱাত পুখুৰীত অচেতন অৱস্থাত দুয়োকে প্ৰত্যক্ষ কৰে ৷
ততাতৈয়াকৈ দুয়োকে পৰিয়ালৰ লোকে ধিং এফ আৰ ইউ(FRU)ত ভৰ্তি কৰাই যদিও চিকিৎসকে দুয়োকে মৃত ঘোষনা কৰে। দুই কনমানিৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে পৰিয়াল তথা গাঁওখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷
লগতে পঢ়ক: অৱশেষত হাতীটো উদ্ধাৰ হ’ল