মৰিগাঁও,১৫ ফেব্ৰুৱাৰী: আপোন গাঁও এৰিবলৈ সাজু গঞা । নিজৰ ঘৰখন এৰি নিৰাপদ ঠাইৰ সন্ধানত গাঁওবাসী। কিন্তু কিয় এই সিদ্ধান্ত গাঁওবাসীৰ ?

এই গাঁওখন হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰাজচক্ৰৰ ভিতৰুৱা কাঠনি পলাশগুৰি গাঁও । উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত সঘনাই বানপানীত বুৰ যোৱা গাঁওবাসীৰ বিলাই-বিপত্তি ,দুখ-দূৰ্দশা দেখি এটা স্বেচ্ছাসেৱী সংগঠনে গাঁৱৰ প্ৰতিটো চাকৰিহীন পৰিয়ালক সজাই দিছিল একোটাকৈ চাং ঘৰ। কিন্তু দিনে দিনে বাঢ়ি অহা গৰাখহনীয়াৰ ফলত এতিয়া চাং ঘৰো হৈ পৰিছে অসাৰ ।
পাচে, এই সম্পৰ্কত পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰে ল'বনে কিবা ব্যৱস্থা ,নে এইদৰেই খহনীয়াৰ গৰাহত বিলীন হৈ থাকিব একোখনকৈ গাঁও ।