মৰিগাঁও, 24 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ দিনকেইটাত যানজঁটৰ সমস্যা সমাধানৰ বাবে মৰিগাঁৱত তিনিদিনৰ বাবে যান-বাহন আৰক্ষীয়ে ৰাইজৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে । অষ্টমী পূজা দিনাখনৰ পৰা মহাদশমী লৈকে চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰিব নোৱাৰিব কোনো যানবাহন । তাৰোপৰি দুচকীয়া বাহনতো উঠিব নোৱাৰিব দুজনকৈ লোক ।
![traffic instructions For Public by Morigaon police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-24th-oct-trafckinstructions-rtu-806-vis-img-bt-as10005_24102020080548_2410f_1603506948_788.jpg)
শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ আন আন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো যান-বাহন আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । অষ্টমী পূজাৰ পৰা দশমীলৈ মৰিগাঁও চহৰত যাতে কোনোধৰণৰ যানজঁটৰ সৃষ্টি নহয় তাৰ বাবে মৰিগাঁও যানবাহন আৰক্ষী শাখাই মৰিগাঁৱলৈ অহা যানবাহনৰ প্ৰৱেশৰ বেলিকা কেতবোৰ নীতি নিয়ম বান্ধি দিছে ।
![traffic instructions For Public by Morigaon police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-24th-oct-trafckinstructions-rtu-806-vis-img-bt-as10005_24102020080548_2410f_1603506948_515.jpg)
উল্লেখ্য যে, চহৰখনত অষ্টমী পূজাৰ পৰা দশমী পূঁজালৈ চহৰখনৰ মাজেৰে প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ সেই নীতি নিৰ্দেশনা মতে, গুৱাহাটীৰ পৰা মৰিগাঁৱলৈ অহা যান-বাহনসমূহ নভেটিত, নগাঁও দিশৰ পৰা অহা যান-বাহন সোণাৰী গাঁৱত, লাহৰীঘাট দিশৰ পৰা অহা যান-বাহনসমূহ গান্ধীভৱন প্ৰেক্ষাগৃহত ৰখোৱাৰ নিৰ্দেশনা জাৰি কৰিছে । আনহাতে, মৰিগাঁও হৈ গুৱাহাটী বা নগাঁও অহা-যোৱা কৰিবলৈ যাত্ৰীসকলে শংকৰদেৱ নগৰহৈ লঠাবড়ীৰ মাজৰে সোণাৰি গাঁও হৈ চলাচল কৰিব পাৰিব বুলি জনাইছে মৰিগাঁও যানবাহন আৰক্ষীৰ পৰিৰ্দশক কুশল বৰাই ।
লগতে পঢ়ক- ৰে'ল আৰক্ষীৰ অভিযানঃ জব্দ 34.5 কেজি গাঞ্জা,উদ্ধাৰ অপহৃত কিশোৰী