ETV Bharat / state

Tiwa Autonomous Council Press Meet: তিৱা জনজাতিৰ লোকসকলৰ সমষ্টি সংৰক্ষণৰ দাবী তিৱা স্বায়ত্ব পৰিষদৰ - CM Himanta Biswa Sarma

অসম, মণিপুৰ, অৰুণাচল, নাগালেণ্ড ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ গঠনৰ সিদ্ধান্ত ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে তিৱা স্বায়ত্ব পৰিষদ ৷ এক সংবাদমেলযোগে জনজাতি লোকসকলৰ নামত সমষ্টি সংৰক্ষণৰ দাবী উত্থাপন কৰে তিৱা স্বায়ত্ব পৰিষদৰ (Tiwa Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে (Chief Executive Member jiban Chandra Konwar)৷

Tiwa Autonomous Council press meet in Morigaon
সমষ্টি সংৰক্ষণৰ দাবী তিৱা স্বায়ত্ব পৰিষদৰ
author img

By

Published : Jan 11, 2023, 8:42 PM IST

সমষ্টি সংৰক্ষণৰ দাবী তিৱা স্বায়ত্ব পৰিষদৰ

মৰিগাঁও, 11 জানুৱাৰী: ৰাজ্যজুৰি সমষ্টিৰ পুনৰ গঠন সন্দৰ্ভত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে ৷ মৰিগাঁৱত বুধবাৰে তিৱা স্বায়ত্ব পৰিষদৰ (Tiwa Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে (Chief Executive Member jiban Chandra Konwar) সংবাদমেল সম্বোধন কৰি ভাৰতৰ নিৰ্বাচন আয়োগ (Election Commission of India) তথা ৰাজ্য চৰকাৰক জনজাতিৰ নামত সমষ্টি সংৰক্ষণৰ দাবী উত্থাপন কৰে ৷

সংবাদমেলখনত কোঁৱৰে কয়- "ভাৰতবৰ্ষৰ মুখ্য নির্বাচন আয়ুক্তই অসম, মণিপুৰ, অৰুণাচল, নাগালেণ্ডৰ বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ গঠনৰ (Reconstitution of community ) সিদ্ধান্ত ঘোষণা কৰি কেতবোৰ বিধি নিৰ্দ্দেশনা জাৰি কৰিছে । নিৰ্বাচন আয়োগৰ এনে গণতান্ত্রিক প্ৰমূল্যবোধৰ সিদ্ধান্তক তিৱা স্বায়ত্ব পৰিষদে আদৰণি জনাইছে ৷

বর্তমান কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিবৰ্ষ হিচাবে লৈ সমষ্টি পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অসমৰ জনজাতি সকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাটো আমি বিচাৰো । যাতে প্রতিটো খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতীয়ে সাংবিধানিক অধিকাৰ লাভ কৰি সেই জনগোষ্ঠীৰ ভৱিষ্যত নিৰ্মান কৰিব পাৰে । তিৱা স্বায়ত্ব পৰিষদ এলেকাত, মৰিগাঁও, জাগীৰোড, দিশপুৰ, বট্ৰদৱা, লাহৰিঘাট, ৰহা, নগাঁও সদৰ, বঢ়মপুৰ, আৰু লামডিং বিধানসভা সমষ্টিৰ জনজাতি বসতিপ্রধান এলেকা সামৰি আছে ।"

উল্লেখ্য যে, ১৯৭৭ চনলৈকে মৰিগাঁও বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত আছিল । কিন্তু মৰিগাঁও সমষ্টিৰ পৰা গোভা, উত্তৰখোলা আৰু ঘগুৱা মৌজা কৰ্তন কৰি জাগীৰোড সমষ্টিৰ লগত সংলগ্ন কৰি দিয়াত মৰিগাঁও বিধানসভা সমষ্টিত জনজাতিৰ সংখ্যা হ্রাস পায় আৰু এই সমষ্টি সাধাৰণ শ্ৰেণীৰ সমষ্টিলৈ পৰিৱৰ্তন হয় । এইক্ষেত্ৰত বৃহৎ ৰাজনৈতিক ষড়যন্ত্র জড়িত আছিল বুলি উল্লেখ কৰে কোঁৱৰে ।

বৰ্তমান সমষ্টি পুনৰ গঠনৰ সময়ত পৰিষদ এলেকাত থকা জনজাতি অঞ্চলসমূহ সামৰি বিধানসভা সমষ্টি সংৰক্ষণৰ দাবী জনাই এই সম্পৰ্কত পৰিষদৰ পৰা ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma)স্মাৰক পত্রযোগে দাবী উত্থাপন কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে জীৱন কোঁৱৰে । জনজাতীয় লোকসকলৰ বাবে বিধানসভা সমষ্টি সংৰক্ষণৰ দাবীৰ সমৰ্থনত অতি সোনকালে এটা সজাতি দল কেন্দ্রীয় নির্বাচনী আয়ুক্তক লগ কৰি তথ্য ভিত্তিক স্মাৰকপত্ৰ দিয়াৰ সিদ্ধান্ত কৰা হৈছে বুলি সংবাদমেলখনত উল্লেখ কৰা হয় ৷

লগতে পঢ়ক: Bhogali Bihu 2023: কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰত ভোগালী উৎসৱৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.