ETV Bharat / state

প্ৰথম দিনাই 42 খন মনোনয়ন দাখিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ - প্ৰথম দিনাই 42 খন মনোনয়ন দাখিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ

আগন্তুক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল 42 প্ৰাৰ্থীৰ । 28 নৱেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷

tiwa autonomous council election
tiwa autonomous council election
author img

By

Published : Nov 26, 2020, 10:30 AM IST

মৰিগাঁও, 26 নৱেম্বৰ : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ মৰিগাঁৱত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷ অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ বুধবাৰে বিভিন্ন দলৰ প্ৰায় 42 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ মনোনয়ন দাখিলৰ অন্তিম দিন 28 নৱেম্বৰ যদিও 25 নৱেম্বৰতেই বহুসংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷

tiwa autonomous council election
সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল পৱন মান্তাৰ

নিজ নিজ সমৰ্তকক লগত লৈ ঢোলে-দগৰে জিলা নিৰ্বাচনী বিষয়াক মনোনয়ন দাখিল কৰিলেহি প্ৰাৰ্থী সকলে ৷ যাৰ ফলত মৰিগাঁও চহৰত এক প্ৰকাৰ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় ৷ জানিব পৰা মতে বিজেপিৰ 14 গৰাকী, কংগ্ৰেছৰ 12 গৰাকী, নিৰ্দলীয় 8 গৰাকী, অসম গণ পৰিষদৰ 5গৰাকী, তিৱা ঐক্য মঞ্চৰ 2 গৰাকী আৰু আম আদমী পাৰ্টিৰ এজন প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ।

tiwa autonomous council election
পৱন মান্তা

ইয়াৰ ভিতৰত ৯ নং দমাল সমষ্টিৰ পৰা বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা, নখোলাৰ পৰা তুলসী বৰদলৈ, চাৰিপুনীয়া চাবুক ধৰাৰ পৰা মদন দেউৰীৰে দাখিল কৰিছে মনোনয়ন পত্ৰ ।

nomination
অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ জাননী

উল্লেখ্য যে, 28 নৱেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ 1 ডিচেম্বৰত মনোনয়ন পত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰকাশ কৰা হ’ব প্ৰাৰ্থী তালিকা ৷ 3 ডিচেম্বৰৰ ভিতৰত মনোনয়ন পত্ৰ উঠাই ল’ব পাৰিব প্ৰাৰ্থীয়ে ৷ 3 ডিচেম্বৰৰ বিয়লি ঘোষণা কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী তালিকা ৷ ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই কথা ৷

লগতে পঢ়ক : ক্ষতিপূৰণৰ দাবীত বাঘজানৰ প্ৰৱেশদ্বাৰত ৰাইজৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.