মৰিগাঁও,8মে': মৰিগাঁৱত ক্ৰমশঃ বৃ্দ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শনিবাৰে জিলাখনৰ তিনিটাকৈ অঞ্চলত উদ্বেগজনকভাৱে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ আগন্তুক 14 দিনৰ বাবে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণ কৰা হয় উক্ত অঞ্চলকেইটা ৷ এই সময়ত বাহিৰৰ পৰা কোনো লোকে উক্ত অঞ্চলকেইটাত প্ৰৱেশ কৰিব নোৱাৰিব ৷ ইপিনে, চৰাইবাহীলৈ যোৱা চাৰিও দিশৰ প্ৰৱেশ পথো প্ৰশাসনৰ উদ্যোগত বন্ধ কৰি দিয়া হৈছে ।
বিশেষকৈ বৰভগীয়া, শিমলুতল, আদি ঠাইত বেনাৰ আৰি দি উক্ত এলেকা কেইটা ক'ভিড নীতিৰ বিষয়ে মাইক যোগে প্ৰচাৰ কৰা হৈছে । একেদৰে জাগীৰোডৰ নিজৰাপাৰ আৰু কিশোৰ ক্লাৱতো মায়ং ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত বেনাৰ আঁৰি কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । ইয়াৰ ভিতৰত দোকান-পোহাৰ খোলা ৰখাৰ সময় আৰু গ্ৰাহকৰ সংখ্যা, শাক-পাচলি,গাখীৰ-মাছ ব্যৱসায়ী সকলকো নিদিষ্ট সময় বান্ধি দিছে প্ৰশাসনে ।
অন্য এক খবৰৰ বাবে: বাইহাটা চাৰিআলিৰ এম বজাৰত ভংগ ক'ভিড প্ৰট’কল