মৰিগাঁও, 7 জানুৱাৰী: বুক ট্ৰাষ্টৰ উদ্যোগত, মৰিগাঁৱৰ কেইগৰাকীমান সংবাদকৰ্মীৰ সহযোগত মৰিগাঁও বিহুতলীত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠান ৷ য'ত উন্মোচন কৰা হয় অৰুণজ্যোতি নাথৰ 'সম্পূৰ্ণ মহাভাৰত' ৷

মৰিগাঁও বিহুতলীত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, সাহিত্যিক নিবন্ধকাৰ মিলেশ্বৰ পাটৰ, শিল্পী সাহিত্যিক অশোক ডেকাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু মৰিগাঁৱৰ গ্ৰন্থপ্ৰেমী ৰাইজ ৷ অনুষ্ঠানটোত আঁত ধৰে খগেন মহন্ত আৰু জগদীশ নাথে ৷
লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত GOC Spear Corps লেফটেনেন্ট