মৰিগাঁও, 11 ডিচেম্বৰ : তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনৰ বাবে মৰিগাঁৱত ৰথী-মহাৰথী ভিৰ হোলা পৰিলক্ষিত হৈছে । শুকুৰবাৰে তিৱা স্বায়ত্ব শাষিত পৰিষদৰ 2 নং বৰঙণিত বিজেপিৰ মনোনীত প্ৰাৰ্থী অংকুৰ দেউৰীৰ হৈ প্ৰচাৰ চলালে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ।
নিৰ্বাচনী প্ৰচাৰ অভিযানত কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিদ্যা সিং ইংলেং আৰু চুমু ৰংহাং উপস্থিত থাকে ৷ আনহাতে অংকুৰ দেউৰীয়েও চমু বক্তব্য ৰাখি আঁঠু কাঢ়ি ভোট ভিক্ষা কৰিলে বৰঙণিৰ ৰাইজক । হাজাৰ হাজাৰ সমৰ্থকেও আশীৰ্বাদ দিলে প্ৰাৰ্থীগৰাকীক ।
লগতে পঢ়ক : কৰিমগঞ্জৰ কেইবাখনো বাগিছাত শ্ৰমিক আৱাসৰ আধাৰশিলা স্থাপন