ETV Bharat / state

বৰছলাত চৰকাৰী ভূমি বেদখলক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 27, 2021, 9:23 PM IST

Updated : May 27, 2021, 10:00 PM IST

মৰিগাঁৱৰ বৰচলাৰ পটুৱাকাটা কিচামৰ হাইটামাৰা বিলত প্ৰায় আশী বিঘা মাটি বেদখলৰ কৰিছে একাংশ সন্দেহযুক্ত লোকে ৷ বেদখল উচ্ছেদৰ বাবে চৰকাৰী কৰ্তৃপক্ষক খবৰ দিয়াত সচেতন লোকক হত্যাৰ ভাবুকি বেদখলকাৰীৰ ৷

tens-situation-at-barsala-for-illegal-encroachment
বৰছলাত চৰকাৰী ভূমি বেদখলক লৈ উত্তপ্ত পৰিস্থিতি

মৰিগাঁও,27 মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যৰ বহু ঠাইত বৰ্তমানেও অব্যাহত আছে বেদখলকাৰীৰ দপদপনি ৷ বৰ্তমান মৰিগাঁৱৰ বৰচলাৰ পটুৱাকাটা কিচামৰ হাইটামাৰা বিলত প্ৰায় আশী বিঘা মাটি একংশ লোকে বেদখল কৰি থকা এক ঘটনাই পুনৰ পোহৰলৈ আনিছে ৰাজ্যৰ বিভিন্ন স্থানত ভয়াৱহ ভাৱে অব্যাহত থকা বেদখলৰ ভয়াৱহ ছবি ৷ কেৱল ইমানেই নহয়, বেদখলৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰা লোকক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে খিলঞ্জীয়ালোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বেদখলকাৰীয়ে ৷ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিগাঁও জিলাত ৷

উল্লেখ্য যে, মৰিগাঁওৰ বৰচলাত থকা হাইটামাৰা চৰকাৰী বিলৰ প্ৰায় আশী বিঘা মাটি বেদখল কৰি খেতি-বাতি কৰাৰ লগতে বৃহৎ বৃহৎ পুখুৰী খান্দিছে আবুল কালাম, জালালুদ্দিন, জয়নাল আবেদিন আৰু জমিৰুদ্দিন নামৰ বেদখলকাৰী কেইটাই ৷ অভিযোগ অনুসৰি নিশাটোৰ ভিতৰতে এই বেদখলকাৰী সমূহে বিলখনৰ লগতে কাষৰীয়া খিলঞ্জীয়া লোকৰ ম্যাদী মাটিও বেদখল কৰিছে ৷ আনকি প্ৰকাণ্ড মাথাউৰি বান্ধি চিৰদিনৰ বাবে বন্ধ কৰি দিছে বিল খনৰ স্বাভাৱিক গতি ৷ যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোক । কাৰণ ঐতিহাসিক বিলখনে সমগ্ৰ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰৰ ভাৰসাম্য ৰক্ষা কৰি আহিছিল ৷ আনকি এই মাথাউৰি কেইটাৰ বাবে ৰাজাবাৰী, বৰছলা, ভেকহুবড়ী চৰাইহাগী আদি গাঁওসমূহৰ প্ৰায় 600 খিলঞ্জীয়া পৰিয়ালৰ 1 হাজাৰ বিঘাৰো অধিক পথাৰত এতিয়া খেতি নোপোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷ আনহাতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী হাইটামাৰা বিলেৰে বাগৰি গৈছিল যদিও এতিয়া বিলখন ভেটি দিয়াত পৰৱৰ্তী সময়ত বানে তাণ্ডৱ সৃষ্টি কৰাৰো সম্ভৱনা আছে ৷ ঘটনা সন্দৰ্ভত লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াক উক্ত অঞ্চলটো বেদখলমুক্ত কৰিবলৈ দাবী জনোৱাত তেঁওলোকক বেদখলকাৰীয়ে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ আপোন ঘৰখন হেৰুৱাই হাহাকাৰ ভকত চাপৰিবাসীৰ

Last Updated : May 27, 2021, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.