মৰিগাঁও, 11 অক্টোবৰ: মাটি বিক্ৰি কৰিব নিদিয়া বাবে মৰিগাঁৱত বন্ধুৰ সৈতে মিলি মাতৃক প্ৰহাৰ কৰিলে সুৰাসক্ত পুত্ৰই ৷ অভিযোগ অনুসৰি মাটি বাৰী বিক্ৰী কৰাত বাধা প্ৰদান কৰাৰ বাবেই পিতৃৰ সন্মুখতে যুৱকজনে নিজ মাতৃক প্ৰহাৰ কৰে ৷ জানিব পৰা মতে শুকুৰবাৰে মদ্যপান কৰি ঘৰলৈ আহি পূৰ্বৰ খঙত জন্মদাতৃ মাতৃ ৰাধেমাই দাসক পুত্ৰ দুলাল দাসে বেয়াকৈ প্ৰহাৰ কৰে ৷ যুৱকজনৰ লগতে অহা বন্ধু ধৰ্মকান্ত দাসৰ বিৰুদ্ধেও দুলাল দাসৰ সৈতে মিলি মহিলা গৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ ৷
মৰিগাঁৱৰ উদৰীৰ দুলাল দাসৰ বিৰুদ্ধে প্ৰায়েই সুৰাপান কৰি পৰিয়ালটোক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ মৰিগাঁৱৰ মাটি বাৰী বিক্ৰী কৰি সুৰাপান কৰাত বাধা প্ৰদান কৰাৰ বাবেই নিজ মাতৃক শত্ৰুজ্ঞান পুত্ৰ দুলাল দাসৰ ৷ অত্যাচাৰী পুত্ৰৰ বিৰুদ্ধে মৰিগাঁও থানাত গোচৰ ৰুজু কৰাৰ পাছতো থানাৰ পৰা মুকলি হৈয়েই পুনৰ পিতৃ, মাতৃ, পত্নীৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ ৷
লগতে পঢ়ক: যোৰহাট আৰক্ষীৰ জালত ভুৱা চি বি আই বিষয়া