ETV Bharat / state

মৈৰাবাৰী বৃদ্ধাশ্ৰমত কৰ'ণাতংক

author img

By

Published : May 16, 2021, 4:44 PM IST

মৈৰাবাৰী মহাবিদ্যালয়ৰ কাষতে থকা মৈৰাবাৰী বৃদ্ধাশ্ৰমত কৰ'ণাতংক । দেওবাৰে বৃদ্ধাশ্ৰম খনৰ ২৭ গৰাকী আবাসীৰ দেহত মহমাৰী ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

sinior citizen home
মৈৰাবাৰী বৃদ্ধাশ্ৰমত কৰ'ণাতংক

ধিং, ১৬ মে': ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে মৰিগাঁও জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । জিলাখনৰ মৈৰাবাৰী মহাবিদ্যালয়ৰ কাষতে থকা মৈৰাবাৰী বৃদ্ধাশ্ৰমতো কৰ'ণাতংক ।

দেওবাৰে বৃদ্ধাশ্ৰম খনৰ ২৭ গৰাকী আবাসীৰ দেহত মহমাৰী ভাইৰাছৰ উপস্থিতি ধৰা পৰে । এই খবৰে সকলোকে আতংকিত কৰি তুলিছে । সম্প্ৰতি বৃদ্ধাশ্ৰমখন কনটেণ্টমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে, মৰিগাঁও জিলাত ২৪৬৮ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । শনিবাৰে মৰিগাঁৱৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত ১৭৬০ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰোৱা হয় । জিলাখনত শনিবাৰে ২১৩ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, শনিবাৰলৈকে মুঠ ১২০০ গৰাকীক ক'ভিড মুক্ত ঘোষণা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত ৩৩ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ।

জিলাখনত হোম আইচ'লেশ্যনত থকা ৰোগীৰ সংখ্যা ১১৯২ জন আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ৭২ গৰাকী বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে । আনহাতে, জিলাখন ১০ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: মৰিগাঁৱত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২৪৬৮ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.