ETV Bharat / state

চৰকাৰী নিৰ্দেশ অমাম্য কৰি ৰঙাঘৰত সোমাল ব্যৱসায়ী

author img

By

Published : Apr 8, 2020, 1:13 PM IST

চৰকাৰী নিৰ্দেশ অমাম্য কৰাৰ অভিযোগত ৰঙাঘৰত সোমাল মৰিগাঁৱৰ বিমল নাথ নামৰ এগৰাকী ব্যৱসায়ী । লক ডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বাবে, চৰকাৰে জাৰি কৰা নিৰ্দেশ অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে ব্যৱসায়ী জনৰ বিৰুদ্ধে ।

shopkeeper arrested in morigaon
shopkeeper arrested in morigaon

মৰিগাঁও, 8 এপ্ৰিলঃ চৰকাৰী নিৰ্দেশ অমাম্য কৰাৰ অভিযোগত ৰঙাঘৰত সোমাল মৰিগাঁৱৰ এজন ব্যৱসায়ী । অভিযোগ অনুসৰি ব্যৱসায়ী জনে মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবাহীত লক ডাউনৰ সময়ত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত লুন্ঠন চলাইছিল । চৰকাৰী নিৰ্দেশ অনুযায়ী লক ডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছিল । গেলামালৰ দোকান খোলাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিয়াৰ লগতে যোগান বিভাগৰ তৰফৰ পৰা সামগ্ৰীৰ মূল্যও নিৰ্ধাৰণ কৰি দিয়া হৈছিল ।

চৰকাৰী নিৰ্দেশ অমাম্য কৰি ৰঙাঘৰত সোমাল ব্যৱসায়ী

কিন্তু চৰাইবাহীৰ বিমল নাথ নামৰ ব্যৱসায়ী গৰাকীয়ে চৰকাৰী নিৰ্দেশক অমান্য কৰি নিৰ্ধাৰিত সময়তকৈ অধিক সময় দোকান খোলাৰ লগতে, অত্যাধিক মূল্যত দাইল, আলু, মিঠাতেল, পিয়াঁজকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰা বুলি জানিব পৰা গৈছে । যাৰ ফলত তেওঁৰ বিৰুদ্ধে মিকিৰভেটা আৰক্ষী থানাত অভিযোগ সদৰি কৰাৰ পিচতে আৰক্ষী বিষয়া মৃদুল হাজৰিকাই, বিমল নাথ নামৰ ব্যৱসায়ী জনক আটক কৰে । ঘটনা সন্দৰ্ভত মিকিৰভেটা আৰক্ষীয়ে নিজাববীয়াকৈ 119/ 20 নম্বৰত এটি গোচৰ ৰুজু কৰি ব্যৱসায়ী জনক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়কঃ ধুবুৰীত কৰ'ণাত আক্ৰান্ত এজন : চাপৰৰ বিস্তীৰ্ণ এলেকা ছীল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.