মৰিগাঁও,১২ ছেপ্টেম্বৰ: মৰিগাঁও পবিতৰা হাটত মঙলবাৰে "সুৰক্ষিত শৈশৱ, সোণালী অসম" শীৰ্ষক শিশুৰ অধিকাৰ সম্পৰ্কীয় ৯০ দিনীয়া সজাগতা কাৰ্যসূচীৰ সামৰণি পৰে । এই উপলক্ষে মৰিগাঁৱৰ পবিতৰা হাটত আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক, লেখিকা, সমাজকৰ্মী ড৹ মাইনী মহন্তই কয় যে শিশুসকলৰ সুৰক্ষাৰ বাবে আইন আছে যদিও আমাৰ সমাজত উপযুক্ত সচেতনতাৰ অভাৱ ।

খলিল জিব্ৰানৰ এটা কবিতা আওৰাই লেখিকাগৰাকীয়ে কয় যে শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতা ঘৰখনৰ পৰাই আৰম্ভ হয় । অধিকাৰ সন্দৰ্ভত শিশুটিক ঘৰখনতে প্ৰাথমিক জ্ঞান দিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে কেৱল একোটা অনুষ্ঠানে সমাজৰ পৰিৱৰ্তন আনিব নোৱাৰে । তাৰ বাবে ঐক্যবদ্ধ প্ৰয়াস লাগিব । তেওঁ কয় যে শিশু এটি নিজৰ অধিকাৰ সন্দৰ্ভত সচেতন হ'লেহে নিৰ্যাতনৰ চিকাৰ হ'লে অথবা অধিকাৰ খৰ্ব হ'লে নিসংকোচে মুকলিভাৱে ক'ব পৰা হ'ব ।

তেওঁ যৌন নিৰ্যাতনৰ চিকাৰ হোৱা শিশুক উপযুক্ত পৰামৰ্শ আগবঢ়োৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । সভাত ভাষণ প্ৰদান কৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে কয় যে মৰিগাঁও জিলাত মুঠ অপৰাধৰ ১৫ শতাংশই শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ । ইয়াৰ অধিক সংখ্যকেই যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা সম্পৰ্কীয় POCSO আইনৰ অধীনত ৰুজু হোৱা গোচৰ ।
এনে গোচৰত দোষী সাব্যস্তকৰণৰ হাৰ অতি কম বুলি উল্লেখ কৰি তেওঁ কয় যে গোচৰ পঞ্জীয়নৰ পিছত ভয় ভাবুকি, প্ৰলোভন আদিৰ সন্মুখীন হৈ ভাষ্য সলনি কৰা আৰু সাক্ষ্য-প্ৰমাণৰ অভাৱত সততে দোষীয়ে ৰেহাই পায় । তেওঁ কয় যে যোৱা বছৰ ৰুজু হোৱা এনে ১২২ টা গোচৰৰ দুটাৰ ক্ষেত্ৰতহে দোষীয়ে যাৱজ্জীৱন কাৰাদণ্ড পায় । মৰিগাঁও জিলাত যোৱা মাৰ্চ মাহত ২২৮ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈছে আৰু অভিযোগনামা দাখিল কৰা হৈছে বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে ।
অনুষ্ঠানত কৃতি ছাত্ৰ তথা মৰিগাঁও শিশু গৃহৰ বাসিন্দা ৰছিদুল ইছলামক সম্বৰ্ধনা জনোৱা হয় । আজিৰ সভাত অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰা, সাহিত্যিক পেন্সনাৰ তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, বিশিষ্ট শিক্ষাবিদ তথা জ্যেষ্ঠ অধিবক্তা নিৰঞ্জন বৰুৱা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Bribery case: ৩,০০০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়াই