মৰিগাঁও,8 ডিচেম্বৰ: মৰিগাঁও আৰক্ষীৰ সফল অভিযান । আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত চলা অভিযানত তিনি শতাধিক নকল সাৰৰ বস্তা জব্দ কৰে মৰিগাঁও আৰক্ষীয়ে ৷ মৰিগাঁও জিলা ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত আহঁতগুৰিৰ এটা সাৰৰ ভঁৰালত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰে বুজন পৰিমাণৰ নকল সাৰখিনি।

ইয়াৰ বিপৰীতে এই সাৰৰ কলা ব্যৱসায়ৰ লগত জড়িত আয়ুব আলীসহ ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত । এই বিষয়ে এক সংবাদ মেল যোগে সদৰি কৰে মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ।

লগতে পঢ়ক: কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন