ETV Bharat / state

মৰিগাঁৱত জীৱিকা সখীক স্কুটী প্ৰদান - মৰিগাঁৱত জীৱিকা সখী সকলৰ মাজত স্কুটী বিতৰণ

মৰিগাঁৱত জীৱিকা সখী সকলৰ মাজত স্কুটী বিতৰণ ৷ শুকুৰবাৰে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মৰিগাঁও জিলা শাখাৰ উদ্যোগত মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহৰ বাকৰিত জীৱিকা সখীসকলক স্কুটী প্ৰদান কৰা হয় ৷

মৰিগাঁৱত জীৱিকা সখীক স্কুটী প্ৰদান
মৰিগাঁৱত জীৱিকা সখীক স্কুটী প্ৰদান
author img

By

Published : Feb 27, 2021, 1:39 PM IST

মৰিগাঁও,27 ফেব্ৰুৱাৰী: গ্ৰাম্য জীৱিকা সখী সকলক স্কুটী প্ৰদানৰ জৰিয়তে মৰিগাঁৱত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল মৰিগাঁও জিলা শাখাৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান ৷ শুকুৰবাৰে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মৰিগাঁও জিলা শাখাৰ উদ্যোগত মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহৰ বাকৰিত জীৱিকা সখী সকলৰ মাজত স্কুটী বিতৰণ কৰা হয় ৷

মৰিগাঁৱত জীৱিকা সখীক স্কুটী প্ৰদান
জিলাখনৰ মুঠ 103 গৰাকী জীৱিকা সখীৰ পাঁচ গৰাকীক আনুষ্ঠানিকভাৱে স্কুটীৰ চাবি অৰ্পণ

অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান মৰিগাঁও জিলা শাখাৰ আঁচনি বিষয়া মুছাৰফ হোছেইন চৌধুৰীৰে আঁত ধৰা এই সখী এক্সপ্ৰেছ তথা স্কুটী বিতৰণৰ কাৰ্যসূচীত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ক্ষিতীশ পেগুয়ে এই জীৱিকা সখী এক্সপ্ৰেছ বিতৰণৰ আঁচনিখনৰ প্ৰকৃত লক্ষ্য তথা উদ্দেশ্যেৰ বিষয়ে চমু ব্যাখ্যা দাঙি ধৰে ৷

শুকুৰবাৰৰ অনুষ্ঠানত উপস্থিত থাকি উপায়ুক্ত লীনা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ পেগু, আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা আৰু জিলা আঁচনি বিষয়া মুছাৰফ হোছেইন চৌধুৰীয়ে জিলাখনৰ মুঠ 103 গৰাকী জীৱিকা সখীৰ পাঁচ গৰাকীক আনুষ্ঠানিকভাৱে স্কুটীৰ চাবি অৰ্পণ কৰে ৷

লগতে পঢ়ক: বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.