ETV Bharat / state

লাহৰীঘাটত লুইতৰ খহনীয়াৰ কালৰূপ ! - লুইতৰ বুকুত নিচিহ্ন

ব্যাপক খহনীয়াই টোপনি হৰিছে লাহৰীঘাটৰ বহু পৰিয়ালৰ ৷ লুইতৰ বুকুত বিলীন হোৱাৰ পথত লাহৰীঘাটৰ এখন বিদ্যালয় ৷

RIVER BANK EROSION IN LAHORIGHAT
RIVER BANK EROSION IN LAHORIGHAT
author img

By

Published : Jun 3, 2020, 2:42 AM IST

মৰিগাঁও, 2 জুন : লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া । উচন হ'ল বহু পৰিয়ালৰ ঘৰ দুৱাৰ, নৈৰ বুকুত বিলীন হ'ল শ শ হেক্টৰ কৃষিভূমি । দীৰ্ঘদিন ধৰি অঞ্চলটোত খহনীয়াই তাণ্ডৱ সৃষ্টি কৰি আহিছে ৷ খহনীয়ৰ কৱলত পৰি মন্দিৰ-মছজিদ আদি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাচত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই ।

লুইতৰ বুকুত বিলীন হোৱাৰ পথত লাহৰীঘাটৰ এখন বিদ্যালয়

শেহতীয়াকৈ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ভূৰাগাঁৱৰ দীঘলীআটি গমলু নতুন প্ৰাথমিক বিদ্যালয়খনলৈ । খহনীয়াৰ ফলত বিদ্যালয়খন লুইতৰ বুকুত নিচিহ্ন হোৱাৰ উপক্ৰম হৈছে ।কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই খহনীয়াৰ প্ৰতি । বিদ্যালয় পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিচতো বিদ্যালয়খন স্থানান্তৰ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই । অতি কম সময়ৰ ভিতৰত বিদ্যালয়খন স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বিদ্যালয় পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক : মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.