মৰিগাঁও, 26 অক্টোবৰঃ মৰিগাঁও বনাঞ্চলিক বিভাগৰ অন্তৰ্গত ছটাবড়ী গাঁৱৰ কপিলী নৈত গঢ়লৈ উঠিছে কেইবাটাও অবৈধ বালিৰ ছিণ্ডিকেট । দীৰ্ঘ দিন ধৰি নৈখনত অবৈধভাৱে একাংশ অসাধু লোকে বালিৰ ছিণ্ডিকেট ৰাজ চলোৱা বুলি অভিযোগ তুলিছে স্থানীয়ই ।
কপিলী নদীৰ পৰা মেচিন লগাই বালি সৰবৰাহ কৰি থকাৰ ফলত নদী খনৰ ভয়ংকৰভাৱে গড়া খহি পৰা পৰিলক্ষিত হৈ আহিছে । বহু সময়ত স্থানীয় ৰাইজে প্ৰশাসনক এই বিষয়ে অভিযোগ দি আহিছিল যদিও ঘটনাটোৰ বিৰুদ্ধে কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে ৰাইজে । দিনে নিশাই এই নৈখনৰ পৰা ডাঙৰ-ডাঙৰ ট্ৰাকেৰে বালি বিভিন্ন ঠাইলৈ সৰবৰাহ হৈ আহিছে । এই কৰ্মত বন বিভাগৰ লোক প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।
অৱশেষত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে নিজেই উক্ত বালি ছিণ্ডিকেটো উৎখাত কৰিবলৈ ওলাই আহে । ফলত অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ততাতৈয়াকৈ বন বিষয়া সকল আহি ঘটনা স্থলিত উপস্থিত হয় । ইতিমধ্যে ৰাইজে আৱদ্ধ কৰি ৰাখে বন-বিষয়া সকলক ।
ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি JCB আনি বালিৰ ছিণ্ডিকেট ভাঙিবলৈ বাধ্য হয় বন বিভাগ । বন বিভাগে জব্দ কৰিছে বালি খননত ব্যৱহৃত কেবাটাও মেচিন । উক্ত ঘটনাটোত ৰাইজে বালি মাফিয়াৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে চৰকাৰী গাঁওবুঢ়া, ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে । লোক কেইজনৰ বিৰুদ্ধে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ।