ETV Bharat / state

মৈৰাবাৰীত বিধায়কক ৰাইজৰ পহুখেদা - AIUDF

গণৰোষৰ সন্মুখীন ধিঙৰ বিধায়ক আমিনুল ইছলাম ৷ কনভয়ক ভেটা দি ক্ষুব্ধ জনতাই দিলে বিধায়কক পহুখেদা ৷

Public attack against MLA Aminul Islam morigaon assam etv bharat news
বিধায়কক ৰাইজৰ পহুখেদা
author img

By

Published : Oct 10, 2020, 7:38 PM IST

মৰিগাঁও,10 অক্টোবৰ: জন প্ৰতিনিধিৰ উদাসীনতাৰ বাবে ক্ষুব্ধ হৈ পৰিছে এইখন ৰাজ্যৰে এটা সমষ্টিৰ জন সাধাৰণ ৷ অৱশেষত জন প্ৰতিনিধিক আগচি ধৰি ক্ষোভ উজাৰিলে ৰাইজে ৷ শনিবাৰৰ দিনটোত এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱত ৷ প্ৰাপ্ত তথ্য অনুসৰি,ধিঙৰ এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামক আদবাটতে আগচি ধৰি জনতাই পহু খেদা দিয়ে ৷

বিধায়কগৰাকীৰ সমষ্টিৰ প্ৰতি পিঠি দিয়া স্বভাৱৰ বাবে ৰাইজে এনেধৰণে বিৰুদ্ধাচৰণ কৰা দেখা যায় ৷ অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাইজে বিধায়কগৰাকীৰ ওচৰত আপত্তি দৰ্শাই এয়া সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছিল ৷ কিন্তু বাট-পথৰ উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ আৰু বিভিন্ন আঁচনিৰ নামত উত্থাপিত ধন লুণ্ঠনৰ অভিযোগৰ বাবে এনেধৰণে যোগ্য প্ৰত্যুত্তৰ দিয়ে সমষ্টিটোৰ অন্তৰ্গত মৈৰাবাৰীবাসীয়ে । বিধায়কগৰাকীয়ে মৈৰাবাৰীৰ লগতে দলৈ গাঁৱত আয়োজিত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে অহাৰ সময়তে এনেদৰে জনতাৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হয় ৷

লগতে চাওকঃ শেষ মুহুৰ্তলৈকে আমি মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিম-ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.