মৰিগাঁও, 6 অক্টোবৰঃ উত্তৰ প্ৰদেশৰ দলিত সম্প্ৰদায়ৰ যুৱতী ধৰ্ষণ আৰু হত্যা তথা জাগীৰোডৰ কিশোৰী হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত মৰিগাঁৱত অসম মহিলা সংঘৰ মৰিগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মঙলবাৰে মহিলাসকলে হাতে-হাতে বেনাৰ, প'ষ্টাৰ, প্লেকাৰ্ড লৈ উত্তাল কৰি তোলে মৰিগাঁৱৰ ৰাজপথ ৷
আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বাওঁপন্থী নেতা মুনিন মহন্তই গেৰুৱা দল বিজেপি চৰকাৰৰ আমোলাত নাৰী নিৰ্যাতন, বলাৎকাৰ, কিশোৰী সৰবৰাহ আদি ঘটনা হাৰ বৃদ্ধি পোৱাটো উদ্বেগজনক বুলি মন্তব্য কৰে ৷
লগতে পঢ়কঃকৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা