ETV Bharat / state

জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 14, 2020, 5:06 PM IST

তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্যকাৰ্যবাহী তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ তিনিটা আঞ্চলিক সমিতিয়ে ৷

তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মৰিগাঁও, 14 ছেপ্তেম্বৰ: সোমবাৰে জাগীৰোডত প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ তিনিটা আঞ্চলিক সমিতিয়ে ৷ মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্যকাৰ্যবাহী ৰমাকান্ত দেউৰী আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ দুয়োগৰাকী লোকৰ বিৰুদ্ধে তিৱা জাতিৰ উন্নয়নৰ নামত অনুমোদিত ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ৰাজপথত দুয়োগৰাকী প্ৰতিনিধিৰ প্ৰতিকৃতি দাহ কৰি দুয়োজনৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ চৰকাৰে অনুমোদন জনোৱা সাহায্যৰে আজিলৈ তিৱা স্বায়ত্ব পৰিষদৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই ৷ 2010 চনৰ পৰা 2019 চনলৈ পৰিষদটোত হৈ থকা সকলো দুৰ্নীতিৰ তদন্তৰ দাবী জনায় তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড, দেওশাল আৰু গোভা আঞ্চলিকৰ সদস্য সকলে ৷

লগতে পঢ়ক: 'কেৱল ভোটবেংকৰ বাবেই চাহ শ্ৰমিক সকলক ব্যৱহাৰ কৰি আহিছে চৰকাৰে'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.