মৰিগাঁও, 6 নৱেম্বৰ: মূল্যবৃদ্ধি ৰোধৰ দাবীৰে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি গণ আন্দোলনৰ হুংকাৰ দিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যক লৈ চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷
মৰিগাঁও চহৰৰ মাজমজিয়াত ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপ বৈশ্য আৰু মিৰ্জা আৰিফ আলমৰ ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক: আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক