ETV Bharat / state

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বিশেষভাবে সক্ষম ছাত্ৰীক সম্বৰ্ধনা

author img

By

Published : Aug 19, 2020, 10:28 PM IST

CBSC পৰীক্ষাত 90.60% নম্বৰৰ লাভৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বিশেষভাবে সক্ষম ৰুবীনা দেৱীক মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় ৷ ফুলাম গামোচা, মানপত্ৰ আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ছাত্ৰী গৰাকীক ৷

Poor student felicitated In Morigaon
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বিশেষভাবে সক্ষম ছাত্ৰীক সম্বৰ্ধনা

মৰিগাঁও, 19 আগষ্ট : বিশেষভাবে সক্ষম হোৱাৰ পিচতো CBSC পৰীক্ষাত 90.60% নম্বৰৰ লাভৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ৰুবীনা দেৱীক মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীয়ে সম্বৰ্ধনা জনায় ৷ মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী পীয়ূষ হাজৰিকা ,সমষ্টিৰ বিধায়ক তথা মীন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত ঋতুৰাজ বৰাই বিশেষভাবে সক্ষম ছাত্ৰী গৰাকীক ফুলাম গামোচা, মানপত্ৰ আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷

মৰিগাঁও হাবিবৰঙাবাৰী বড়িগাঁৱৰ নিৰ্বাসী মহানন্দ নাথ আৰু অঞ্জনা দেৱীৰ কন্যা ৰুবীনাই গুৱাহাটীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ পৰা সদ্যঘোষিত CBSC পৰীক্ষাৰ ফলাফলত 90.60 শতাংশ নম্বৰ লাভৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । আনহাতে, ৰুবীনাক এনেদৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সম্বৰ্ধনা জনোৱাৰ বাবে ছাত্ৰী গৰাকীৰ লগতে পৰিয়াল বৰ্গই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত ধুবুৰীৰ আৰক্ষী অধীক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.